ধ্বংসৰ দিশে পবা বন্যপ্রাণী অভয়াৰণ্য, জোনাইৰ বন বিভাগৰ চৰম ব্যৰ্থতা

dainik janambhumi January 23, 2026

ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা জোনাইৰ আয়ুসৰেখাস্বৰূপ, শতিকা গৰকা প্ৰস্তাৱিত পবা বন্যপ্রাণী অভয়াৰণ্যখনত পৰিছে বন দস্যুৰ ৰঙা চকু। একাংশ বন দস্যুৱে মুকলিকৈ অভয়াৰণ্যখনত প্ৰৱেশ কৰি এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলখনৰ বহু মূল্যৱান প্রকাণ্ড প্রকাণ্ড গছ। জোনাই বন বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীনতাৰ বাবেই প্রস্তাৱিত পবা বন্যপ্রাণী অভয়াৰণ্যখন ধ্বংসৰ মুখলৈ আগবাঢ়ি যোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। বন বিভাগৰ চৰম ব্যৰ্থতাৰ সুযোগ গ্রহণ কৰি একাংশ বন মাফিয়াই অভয়াৰণ্যখনৰ ভিতৰত মুকলিকৈ প্ৰৱেশ কৰি শ শ মূল্যৱান, প্রকাণ্ড গছ কাটি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বনাঞ্চলখনৰ ভিতৰত ঠায়ে ঠায়ে পৰি আছে বহু মূল্যৱান গছৰ ডাঙৰ ডাঙৰ কুণ্ডা।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থা আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ একাংশ নেতা-কর্মীয়ে ঘটনাৰ উমান পাই প্ৰস্তাৱিত অভয়াৰণ্যখন পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়তে প্রকৃতি ধ্বংসযজ্ঞত নামি পৰা দুষ্কৃতিকাৰীসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। আনহাতে, এই একেটা সময়তে জোনাই বনাঞ্চলিক বিষয়াগৰাকীৰ বিৰুদ্ধেও তীব্র প্রতিক্রিয়া প্রকাশ কৰে আছুৰ দলটোৱে। জোনাই বন বিভাগৰ চৰম ব্যৰ্থতা আৰু হেমাহিৰ বাবে এইদৰে প্ৰস্তাৱিত অভয়াৰণ্যখনত বন দস্যুৱে প্ৰৱেশ কৰি এফালৰ পৰা গছ কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ জোনাই বনাঞ্চলিক বিষয়াগৰাকীক অতিশীঘ্ৰে বদলিকৰণৰ দাবী তুলি ছাত্র সংগঠনটোৱে কয়, 'প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ প্ৰতি বনাঞ্চলিক বিষয়াগৰাকীৰ কোনো দায়বদ্ধতা অথবা আন্তৰিকতা নাই। বনাঞ্চলখন সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰাৰ মূল দায়িত্ব এৰি তেওঁ বিভিন্ন সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আৰু প্রতিযোগিতাত ব্যস্ত থাকি নিজৰ কৰ্তব্যৰ পৰা পলায়ন কৰিছে। যাৰ ফলস্বৰূপে বনাঞ্চলিক বিষয়াগৰাকীৰ চৰম হেমাহিৰ সুযোগ গ্রহণ কৰিয়ে এইদৰে একাংশ বন দস্যুৱে পবাক নিঃশেষ কৰাৰ বাবে উঠিপৰি লাগিছে। বনাঞ্চলিক বিষয়াগৰাকীৰ লগতে একাংশ বিষয়া-কর্মচাৰীয়ে বন দস্যুৰ সৈতে মিতিৰালি কৰি বনাঞ্চলখনৰ ভিতৰত অবৈধভাৱে প্ৰৱেশৰ সুযোগ প্রদান কৰাৰ বাবেই বন দস্যুৱে মুকলিকৈ গছ কাটি ব্যাপক বন ধ্বংসযজ্ঞ চলাই আহিছে বুলি গুৰুতৰ অভিযোগ তুলিছে ছাত্র সংগঠনটোৱে। ইয়াৰ উপৰি বন দস্যুৱে মুকলিকৈ প্ৰৱেশ কৰি এইদৰে ব্যাপক বন ধ্বংসযজ্ঞ চলোৱাৰ পাছতো আজিলৈকে এজনো দোষীক কিয় কৰায়ত্ত কৰিব পৰা নাই বুলিও জোনাই বন বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ছাত্র সংগঠনটোৱে। উল্লেখযোগ্য যে প্রস্তাৱিত পবা বন্যপ্রাণী অভয়াৰণ্যখনৰ ঐতিহ্য, সংৰক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বৰ মানচিত্ৰত চিনাক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন প্রকৃতিপ্রেমী সংগঠন, বুদ্ধিজীৱী আৰু স্বেচ্ছাসেৱী দল-সংগঠনে দীর্ঘদিন ধৰি আন্দোলন, সজাগতা আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

তেনে সময়তে জোনাই বন বিভাগৰ চৰম ব্যৰ্থতাৰ সুযোগ লৈ একাংশ বন মাফিয়াই বন ধ্বংসযজ্ঞ চলাই যোৱাটো অত্যন্ত দুর্ভাগ্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন সচেতন মহলে। গতিকে পবাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বন মাফিয়াৰ লগতে জোনাই বন বিভাগৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি ঘটনাত জড়িত সকলোকে আইনগতভাৱে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আছুৰ লগতে স্থানীয় একাংশ প্রকৃতিপ্রেমী ৰাইজে।

Share This