ডিজিটেল ডেস্কঃ এশিঙীয়া গঁড়ৰ বাবে বিশ্বপ্রসিদ্ধ পবিতৰা অভয়াৰণ্য এইবাৰ ২০২৫-২৬ বৰ্ষৰ বাবে অহা ২৩ অক্টোবৰত পুনৰ মুকলি কৰা হ'ব। জৈৱ-বৈচিত্র্যৰ অন্যতম আকৰ্ষণৰ থলী পবিতৰা অভয়াৰণ্য এইবাৰ বানপানীৰ প্ৰভাৱৰ বাবে অভয়াৰণ্যখনৰ অভ্যন্তৰত বাট-পথ সুচল নোহোৱাৰ বাবে এইবাৰ কিছু পলমকৈ মুকলি কৰিব লগীয়া হৈছে বুলি কয় অভয়াৰণ্য কর্তৃপক্ষই।
সেইদিনা পুৱা ১১ বজাত পৰ্যটকৰ বাবে মুকলি কৰিব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আদিৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল।
অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ২০২৪-২৫ বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল ৩৪,৩৯০জন দেশী-বিদেশী পৰ্যটকৰ। এই পৰ্যটকসকলৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল মুঠ ৬১,২৬,৪২৫ টকা।
উল্লেখযোগ্য যে আগন্তুক সময়ত পবিতৰালৈ আগমন হ'ব লগীয়া পৰ্যটকসকলৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই হাতী আৰু জীপ ছাফাৰী সন্থাই জীপ ছাফাৰীৰ বাবে সাজু হৈছে।