পদ্মশ্রী পখিলা লেকথেপিক 'মাতৃভাষা বঁটা ২০২৬' প্রদান

dainik janambhumi October 07, 2026

ডিজিটেল ডেস্ক : মঙলদৈত শ্বহীদ মোজাম্মিল ক্ষেত্ৰত সলো অসম গাৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতি আৰু শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত সোমবাৰে আয়োজিত ঊনবিংশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত মাতৃভাষা বঁটা-২০২৬ প্রদান কৰা হয় কাৰ্বি লোক সংগীতৰ শিল্পী তথা পদ্মশ্রী পখিলা লেকথেপিক। অত্যন্ত সাধাৰণভাৱে জীৱন আৰু জীৱনৰ বহু অভিজ্ঞতা বর্ণনা কৰি শিল্পীগৰাকীয়ে কয়, আজিৰ দিনটোত জুবিন আৰু শ্বহীদ মোজাম্মিল হকে দূৰৈৰ পৰাই চাই আছে। আমাৰ মাজত চিৰদিন থাকিব এনেকৈয়ে। 


উল্লেখযোগ্য যে, ৭২ৰ মাধ্যম আন্দোলনত অংশ ল'বলৈ গৈ খাৰুপেটীয়াত একাংশ উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন অৱস্থাতে ১৯৭২ চনৰ ৬ অক্টোবৰত শ্বহীদ বৰণ কৰিছিল মঙলদৈৰ ১৪ বছৰীয়া কিশোৰ মোজাম্মিল হকে। শ্বহীদগৰাকীৰ স্মৃতিত ২০০৮ চনৰে পৰা মঙলদৈত মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত ২০২৩ চনত সংযোজন কৰা হয় মাতৃভাষা বঁটা। ইতিমধ্যে, মিতভাষৰ কবি, সাহিত্যিক ড° নগেন শইকীয়া, কথা শিল্পী ইমৰাণ শ্বাহ আৰু শিল্পী জুবিন গাৰ্গলৈ এই বটাঁ মৰণোত্তৰভাৱে সংগঠনটোৱে আগবঢ়ায়। চলিত বৰ্ষৰ বাবে কাৰ্বি লোক সংগীতৰ শিল্পী পখিলা লেপথেপিক কার্বি লোক সংগীত, কার্বি আধুনিক সংগীতৰ জৰিয়তে কাৰ্বি মাতৃভাষাক উজ্জীৱিত কৰাৰ লগতে কার্বি-অসমীয়া ভাষা সংস্কৃতিৰ মাজত সমন্বয়ৰ সেতু নিৰ্মাণ কৰাৰ বাবে তেওঁলৈ মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ভাষণ প্রসংগত শিল্পী গৰাকীয়ে কয় যে, কাৰ্বি পাহাৰৰ এক দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। তেওঁ শৈশৱ কালত মাতৃয়ে ভূঁই ৰুই থাকোতেই কাৰ্বি গীতৰ কলিসমূহ আওৰাইছিল। মাতৃয়ে পথাৰৰ ওখ ঠাইত কিশোৰী পখিলাক বহুৱাই গান গাব দি পথাৰত ভূইয়ো ৰুইছিল আৰু গানো শুনিছিল। তেনেকৈয়ে জীৱন আগবাঢ়িছিল। কিন্তু, জুবিনে কাৰ্বি পাহাৰৰ এগৰাকী সাংবাদিক লংচিং টেৰঙৰ জৰিয়তে মাতি পঠায় আৰু গান বাণীবদ্ধ কৰিব সুবিধা দিয়ে। জুবিনৰ সৈতে কেইবাটাও লোক সংগীত পৰিৱেশনৰ পাছত অসমৰ ৰাইজে তেওঁক চিনি পায় আৰু জীৱনৰ সলনি হয় দিশ। 

বঁটা প্রদান অনুষ্ঠানত, বিশিষ্ট বুদ্ধিজীৱী তথা দৰঙৰ সন্তান মুকুট শর্মাই ভাষণ প্ৰসংগত অসমৰ থলুৱা গৰীয়াসকলক আজি সকলোৱে মুছলমান বুলি ক'বলৈ ভালপায়, কিন্তু গৰীয়া বুলি ক'ব লাজ কৰে বুলি উল্লেখ কৰি কয় যে, ভাষা-সংস্কৃতিত অসমীয়া হিন্দু আৰু গৰীয়াসকলৰ কোনো পার্থক্য নাই। সংগঠনটোৰ ৰাজ্যিক সভাপতি নুৰুল হকে উদ্বোধন কৰা কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতি সভাপতি আৰু মহিবুল হকক সম্পাদ মাতৃ লৈ প্রকাশ কৰা 'আই তোক কিহেৰে পূজিমে' নামৰ স্মৃতিগ্রন্থ উন্মোচন কৰি প্ৰাক্তন মন্ত্রী বসন্ত দাসে শ্বহীদ মোজাম্মিল হকৰ বলিদানৰ অধ্যায় পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ দাবী কৰে। উদযাপন সমিতিৰ সভাপতি মন্ত্রী নীলিমা দেৱীয়ে সঞ্চালনা কৰা আৰু গৰীয়া-মৰিয়া-দেশী-জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকচেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা সভাৰ আদৰণী ভাষণ দিয়ে সংগঠনটোৰ মুখ্য উপদেষ্টা তথা মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ড° চহিৰ ভূঞাই। লেখক ছাইদুল ইছলাম, গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ, উপাধ্যক্ষ মোস্তাক উদ্দিন আহমেদ, সদস্যদ্বয় ৰছিদ আহমেদ, তবজুল হক, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফজলুল হক, মাতৃভাষা ভাষা পৰিচালনা সমিতিৰ সম্পাদক মিছবাহুল হুদাই ভাষণ দিয়া মুকলি সভা উদ্বোধন কৰে কেন্দ্ৰীয় উপ-সভাপতি চহিদ আলী আহমেদে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক যাদৱ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় নাথ, সম্পাদক মৃণাল ৰাজবংশী, জিলা আছুৰ সভাপতি ৰাজু শৰ্মা, প্রিয়নাৰী খ্যাত ড° মন্দিৰা বৰুৱা, শিক্ষা বিষয়া দেবানন বড়ো আদি উপস্থিত থাকে। 

উল্লেখযোগ্য যে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে, ১৫.৩২ লাখ টকা ব্যয় সাপেক্ষ শ্বহীদ মোজাম্মিল হক ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে মন্ত্ৰী নীলিমা দেৱীয়ে। শ্বহীদ তর্পণ কৰে শ্বহীদ ভাতৃ বদ্রুল হকে আৰু স্মৃতি তৰ্পণ মুকলি কৰে বিশিষ্ট সাহিত্যিক ড° অমৰেন্দ্ৰ নাৰায়ণ দেৱে। কাৰ্যসূচী অনুসৰি কালি পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, ৩ বজাত সর্বধর্ম প্রার্থনা আৰু শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু সন্ধিয়া ৫-৩০ বজাত ৫৫ গৰাকী বিশিষ্ট ব্যক্তিৰে ৫৫ গছি বন্তি প্রজ্বলন কৰি ৫৫ বছৰ পূর্বে শ্বহীদ হোৱা বীৰ শ্বহীদ মোজাম্মিল হকক বিশেষভাৱে স্মৰণ কৰা হয়।

Share This