ডিজিটেল ডেস্ক : প্রতি বছৰে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বেছৰন উপত্যকা মঙলবাৰে নিৰীহ পৰ্যটকৰ তেজেৰে ৰাঙলী হ'ল সন্ত্রাসবাদীৰ নিৰ্দয় আক্ৰমণত। এজন এজনকৈ ২৬জন পর্যটকক হত্যা কৰিলে নিষ্ঠুৰ সন্ত্রাসবাদীয়ে। খাটি খোৱা এজন কাশ্মীৰী মুছলমান যুৱককো হত্যা কৰিলে সন্ত্রাসবাদীয়ে। সন্ত্রাস কাৰ্যকলাপৰ বাবে কাশ্মীৰ উপত্যকাটোত বহুকেইটা সন্ত্রাসবাদীয়ে পূর্বতেই বাহৰ পাতিছিল।
মঙলবাৰে বিয়লি আনন্দ মনে বেছৰন উপত্যকাত বিচৰণ কৰি থকা পৰ্যটকৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয় পাষাণ সন্ত্রাসবাদীকেইটাই। পাঁচটাৰ পৰা ছটা সন্ত্রাসবাদীয়ে তিনিখন ঠাইত প্রায় ১০ মিনিট ধৰি পৰ্যটকৰ ওপৰত নির্বিচাৰে গুলীচালনা কৰে। পৰ্যটকসকলৰ ধৰ্মৰ বিষয়ে প্রশ্ন কৰি নির্দয় সন্ত্রাসবাদীকেইটাই এজন এজনকৈ পৰ্যটকক হত্যা কৰে। নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে সংবাদ মাধ্যমক জনোৱা অনুসৰি, সন্ত্রাসবাদী দলটোৰ পাঁচটা নির্দয় সন্ত্রাসবাদীয়ে এই হত্যালীলা চলায়।
ঘাঁহনি পথাৰৰ পিছফালে থকা পাইন গছবোৰৰ আঁৰৰ পৰা সন্ত্রাসবাদীকেইটা ওলাই আহিছিল আৰু তিনিখন ঠাই বাছি লৈছিল য'ত বৃহৎ সংখ্যক পৰ্যটক গোট খাইছিল। সন্ত্রাসবাদীকেইটাই ৰাইফল লৈ আহিছিল আৰু লগতে বডিকেমো লৈ আহিছিল যাতে নৃশংস হত্যাকাণ্ডৰ ৰেকৰ্ড কৰিব পাৰে। মঙলবাৰে বিয়লি প্রায় ১-৫০ বজাত প্রথমজাঁই গুলী বর্ষণ কৰে সন্ত্রাসবাদীয়ে। পর্যটকসকলে সেই সময়ত তৰকিবই নোৱাৰিলে যে তেওঁলোকৰ বাবে মৃত্যুৰ দূত হৈ সন্ত্রাসবাদীবোৰ তেওঁলোকৰ সমীপত আহি উপস্থিত হৈছে। আক্ৰমণৰ সময়ত ল'ৰা-ছোৱালীবোৰে জঁপিয়াই জঁপিয়াই খেলি আছিল আৰু তেওঁলোকৰ মাক-দেউতাকে ভেলপুৰি খোৱাত ব্যস্ত আছিল। ইয়াৰ পাছতেই সন্ত্রাসবাদীয়ে পর্যটকসকলক মূৰলৈ লক্ষ্য কৰি গুলীয়াই হত্যা কৰিছিল আৰু নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে অঞ্চলটোৰ পৰা আঁতৰি গৈছিল।