ডিজিটেল ডেস্ক : পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণটোৰ প্ৰতিশোধ লোৱাৰ বাবে ভাৰতে যিকোনো সময়ত পাকিস্তানত সামৰিক অভিযান চলোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। সন্ত্রাসবাদ তথা সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে উপযুক্ত তথা কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে সেনাৰ তিনিওটা বাহিনীক পূর্ণ ক্ষমতা প্রদান কৰে। সন্ত্রাসবাদীৰ আক্ৰমণটোক লৈ কালি প্ৰধানমন্ত্ৰীৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রীয়ে ঘোষণা কৰে যে আক্ৰমণটোৰ প্রতিশোধ লোৱাৰ বাবে সেনা বাহিনীক সম্পূর্ণ ক্ষমতা দিয়া হৈছে। সন্ত্রাসবাদৰ মোকাবিলা কৰাৰ বাবে তেওঁলোকক সম্পূর্ণ ক্ষমতা দিয়াৰ সিদ্ধান্ত ঘোষণা কৰি প্রধানমন্ত্রীয়ে কয়, 'পহলগাম আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া আৰু সন্ত্রাসবাদক নির্মূল কৰাটো আমাৰ ৰাষ্ট্ৰীয় অংগীকাৰ।'
প্রধানমন্ত্রীয়ে বৈঠকত কয়, 'আমাৰ প্ৰত্যুত্তৰ কি ধৰণেৰে দিব, ইয়াৰ লক্ষ্য কি হ'ব আৰু কোন সময়ত হ'ব তাৰ সিদ্ধান্ত সেনা বাহিনীক সম্পূর্ণ স্বাধীনতা দিয়া হৈছে। সেনাৰ পেছাদাৰী ক্ষমতাত আমাৰ সম্পূৰ্ণ আস্থা আছে।' প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা উক্ত বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চীফ অব্ ডিফেন্স ষ্টাফ অনিল চৌহান, বাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু তিনিওটা বাহিনীৰ মুৰব্বীসকল উপস্থিত থাকে। আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কিয়নো আজি পহলগামৰ আক্ৰমণটোৰ প্রতিশোধকল্পে ভাৰতে সন্ত্রাসবাদ তথা ইয়াৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা ২২ এপ্রিলত পহলগামত ২৬জন পৰ্যটকক হত্যা কৰাৰ ঘটনাৰ পাছত দিল্লীত ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে। কালি অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে প্ৰধানমন্ত্ৰীৰ সৈতে আন এখন বৈঠকত মিলিত হয়। ইয়াৰ আগতে শনিবাৰে মাজনিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল। ইয়াৰ পাছত সোমবাৰেও তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আন এখন বৈঠকত মিলিত হৈ আক্ৰমণটোৰ সন্দৰ্ভত আলোচনা কৰে। আনহাতে আজি পুৱাৰ ভাগত নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ (চি চি এছ) বৈঠক অনুষ্ঠিত হ'ব।
চি চি এছৰ পাছতে ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজনৈতিক বিষয়ক কেবিনেট কমিটীত প্রধানমন্ত্ৰীৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহ মন্ত্ৰী অমিত শ্বাহ, পথ পৰিবহণ মন্ত্রী নীতিন গডকাৰী, স্বাস্থ্য মন্ত্রী জে পি নড্ডা, বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণ আৰু আন কেইজনমান জ্যেষ্ঠ মন্ত্রী সদস্যৰূপে আছে। আজি অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰো বৈঠকৰ আহবান কৰা হৈছে। এই বৈঠকলৈ কেন্দ্রীয় জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মতা হৈছে। এই বৈঠকলৈ সোণোৱালক মতাটো গুৰুত্বপূৰ্ণ দিশৰূপে বিবেচিত হৈছে।চি চি এছৰ বৈঠকৰ পাছতে পুৱা কেন্দ্রীয় কেবিনেটৰ বৈঠক আহ্বান কৰা হৈছে। কেবিনেট বৈঠকত এই বিষয়ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত চূড়ান্তভাৱে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে বুলি প্রকাশ পাইছে। উল্লেখযোগ্য যে কালি ইয়াৰ আগতে গৃহ মন্ত্ৰ্যালয়তো এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন, সীমা সুৰক্ষা বাহিনী, অসম ৰাইফলছ, বি এছ এফ আৰু এন এছ জিৰ সঞ্চালকপ্ৰধান, চি আৰ পি এফ, চি আই এছ এফৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। মন কৰিবলগীয়া যে ২২ এপ্রিলত পহলগামত সন্ত্রাসবাদীয়ে ২৬জন পৰ্যটকক হত্যা কৰাৰ পাছদিনা চি চি এছৰ এখন বৈঠকত সিন্ধু জল চুক্তি বাতিল কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল।