পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি সন্ধান উলিয়াই শান্তি দিয়া হʼব সন্ত্ৰাসবাদীক

dainik janambhumi April 25, 2025

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে - পহলগামৰ হত্যাকাৰীবোৰক পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি বিচৰা হ'ব আৰু তেওঁ প্রতিশ্রুতি দিয়ে যে 'প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক  চিনাক্ত কৰা হ'ব, সিহঁতৰ সন্ধান উলিওৱা হ'ব তথা শাস্তি বিহা হ'ব।' ২৬জন লোকৰ মৃত্যু হোৱা নৃশংস পহলগাম আক্ৰমণৰ পাছত প্ৰথম বাৰৰ বাবে দিয়া ভাষণত বিহাৰৰ মধুবনীত প্ৰধানমন্ত্ৰীয়ে হিন্দীৰ মাজতে কিছু সময় ইংৰাজীত ভাষণ দিয়ে আৰু বিশ্বলৈ এটা বার্তা প্ৰেৰণ কৰে।

তেওঁ কয়, 'আজি বিহাৰৰ মাটিৰ পৰা মই সমগ্র বিশ্বক কৈছোঁ। ভাৰতে প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক চিনাক্ত কৰিব, সিহঁতৰ সন্ধান উলিয়াব তথা শাক্তি দিব। আমি পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি সিহঁতক বিচাৰিম। সন্ত্রাসবাদে ভাৰত উদ্যম ভাঙিব নোৱাৰে। সন্ত্রাসবাদে শাস্তি নোপোৱাকৈ নাথাকে।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'ন্যায় নিশ্চিত কৰিবলৈ সকলো প্রচেষ্টাই হাতত লোৱা হ'ব। সমগ্র দেশেই এই সংকল্পত এক হৈ আছে। মানৱতাত বিশ্বাসী সকলোৱেই আমাৰ সৈতে আছে। আমাৰ সৈতে থকা বিভিন্ন দেশ আৰু সেইবোৰৰ নেতাক মই ধন্যবাদ জনাইছোঁ।' তেওঁ আৰু কয়, 'মই স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰোঁ যে এই সন্ত্রাসবাদীকেইটা আৰু যিবোৰে এই ষড়যন্ত্ৰ ৰচনা কৰিলে, সিহঁতে কল্পনা কৰিব নোৱৰা শাস্তি পাব। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্রাসবাদীৰ প্ৰভুসকলৰ পিঠি ভাঙি দিব।' এই জনসভাখনৰ আৰম্ভণিতে মোদীয়ে উপস্থিত লোকসকলক এক মিনিট সময় মৌনতা অৱলম্বন কৰি পহলগাম আক্ৰমণত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগ বঢ়াবলৈ অনুৰোধ কৰে।

পঞ্চায়তীৰাজৰ অনুষ্ঠানটোত আজি প্রধানমন্ত্রীয়ে ১৩,৪৮০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ বিহাৰত পি এম এ ৱাই-জিৰ ১ লাখ তথা পি এম এ বাই-ইউৰ ৫৪,০০০ ঘৰৰ চাবি হস্তান্তৰ কৰি 'গৃহ প্ৰৱেশ' অনুষ্ঠান সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ২ লাখ আত্মসহায়ক গোটৰ মাজত ৯৩০ কোটি টকা বিতৰণ কৰে। তদুপৰি মোদীয়ে সমগ্র দেশৰ পি এম এ বাই-জিৰ ১০ লাখ হিতাধিকাৰীলৈ কিস্তি মুকলি কৰাৰ উপৰি পি এম এ ৱাই-জিৰ নতুন ১৫ লাখ হিতাধিকাৰীলৈ অনুমোদন পত্র হস্তান্তৰ কৰে।

Share This