'কালিমা' জনাৰ বাবেই উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল শিলচৰৰ এটা পৰিয়াল

dainik janambhumi April 24, 2025

ডিজিটেল ডেস্কঃ'ভগৱান ৰামৰ নাম জপ কৰিছে নেকি?' কালি পহলগামৰ বৈছাৰন উপত্যকাত সংঘটিত ঘটনাৰ সময়ত শিলচৰৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যৰ পৰিয়ালক এইদৰে প্ৰশ্ন কৰিছিল উগ্রপন্থীৰ দলে। শিলচৰৰ শিৱালিক পাৰ্কৰ বাসিন্দা অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ্যাপক দেবাশিস। ভট্টাচার্য তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে পহলগামলৈ গৈছিল।

জানিব পৰা মতে, কলিমা জনা বাবেই উগ্রপন্থীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে অসামৰ পৰিয়ালটো। কলিমা গাই শিলচৰৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যৰ পৰিয়ালৰ প্ৰাণৰক্ষা পৰে। জানিব পৰা মতে, অধ্যাপক দেবাশিস ভট্টাচাৰ্যৰ পৰিয়ালে ছুটী কটাবলৈ পহলগামৰ বৈছাৰণ উপত্যকালৈ গৈছিল। ঘটনাস্থল শীত তেওঁলোক উপস্থিত হোৱাৰ পাঁচ মিনিট মান সময়ৰ পিছত উগ্রপন্থী দলৰা কেইজনমানে দেৱাশিস ভট্টাচাৰ্যৰ পত্নীক বন্দুকেৰে ধমক দিয়ে। তদুপৰি ক লিমা পঢ়িবলৈ কয়। তেওঁ কলিমা জানিছিল আৰু দুইশাৰী গাই দিয়াৰ পিছত তেওঁলোকক এৰি আন মানুহৰ ওচৰলৈ যায়। বর্তমান শ্রীনগৰৰ এখন হোটেলত আশ্রয় লোৱা ভট্টাচাৰ্যৰ পৰিয়ালে জনোৱা মতে, দক্ষিণ কাশ্মীৰৰ অনং স্তনাগ জিলাৰ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হয় এই আক্রমণ।

উগ্রপন্থীয়ে নির্বিচাৰ গুলীচালনা কৰাৰ লগতে ওচৰৰ পৰা গুলী চলোৱাৰ পূৰ্বে কেইবাজনো পৰ্যটকৰ ধৰ্ম পৰীক্ষা কৰিছিল। আক্ৰমণ সংঘটিত হোৱাৰ সময়ত তেওঁলোক ওচৰতে আছিল। আক্রমণ সংঘটিত হোৱাৰ সময়ত তেওঁলোক ঘটনাস্থলীৰ ওচৰতে আছিল। পৰিয়ালৰ এজন সদস্যই কয় যে আমি দূৰৈত বন্দুকৰ গুলী শুনিছিলোঁ। আমি আমাৰ গাইডৰ সোধাত তেওঁ কৈছিল যে হয়তো চিকাৰীয়ে পেলেট বন্দুক ব্যৱহাৰ বৰি জীৱ-জন্তুক ভয় খুৱাইছে।

আমি নাজানিছিলোঁ যে আমি সন্ত্রাসবাদী মাক্ৰমণৰ মুখামুখি হৈছোঁ। ঘটনাস্থলীৰ কাষ চাপি অহাৰ লগে লগে বতাহৰ মাজেৰে নির্বিচাৰে গুলী উৰিবলৈ ধৰিলে। আনৰ সৈতে পৰিয়ালটোৱে ধৰা নপৰাৰ বাবে গছ-গছনিৰ আঁৰত আত্মগোপন কৰে। কিন্তু অতি সোনকালেই তেওঁলোকৰ আত্মগোপন কৰা স্থানত উগ্রপন্থী দলটো উপস্থিত হয়। তেওঁলোক সশস্ত্র উগ্রপন্থীৰ সৈতে মুখামুখি হৈছিল আৰু বন্দুকৰ গুলীত কলিমা আবৃত্তি কৰিবলৈ কোৱা হৈছিল আৰু তেওঁলোকে ভগৱান ৰামৰ নাম জপ কৰিছে নেকি বুলিও প্রশ্ন কৰিছিল। তেওঁলোকে কয়, 'মুঃ দুলমান চুবুৰিত ডাঙৰ-দীঘল হোৱাৰ বাবে আমি কলিমাৰ সৈতে পাৰিচিত আছিলোঁ।

আমি আবৃত্তি কৰিছিলোঁ আৰু সেইটোৱে হয়তো আমাৰ জীৱন ৰক্ষা কৰিছিল।' এক চাঞ্চল্যকৰ বিৱৰণীত তেওঁলোকে কয় যে বালিমা আবৃত্তি কৰিব নোৱৰা আন এজন পর্যটকক থিতাতে গুলীয়াই হত্য। কৰা হয়। সকলো স্থান তেজেৰে লুতুৰি-পুতুৰি হৈছিল। আমি জীৱনত এনে ঘটনা দেখা নাই আৰু কেতিয়াও ভবা নাছিলোঁ। ঘটনাৰ পাছত চৌ দিশে হুৱা-দুৱা লাগে। ওচৰৰ এখন দেৱালৰ আঁৰে আঁৰে পৰিয়ালটোৱে কোনোমতে উপত্যকাৰ পৰা খোজ কাঢ়ি গৈ মূলপথত উপস্থিত হয়। পাছত তেওঁলোকে পোৱা এখন বাহনেৰে শ্রীনগৰলৈ লৰালৰিকৈ গুচি আহে। তেওঁলোকে কয় যে কোনো ধৰণৰ আঘাত পোৱা নাই। কিন্তু আমি এতিয়াও সহজ হ'ব পৰা নাই। জীৱনত কেতিয়াবা এনেকুৱা কিবা ঘটনা সংঘটিত হ'ব বুলি কল্পনা কৰা নাছিলোঁ। বর্তমান তেওঁলোক 'তীব্র আতংকত ভোগা বুলি জানিবলৈ দিয়ে।

Share This