পগলা-আক্ৰমণ কৰা কুকুৰক কষ্টহীন মৃত্যুদানৰ অনুমতি, উচ্চতম ন্যায়ালয়ৰ ৰায়

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে ভতুৱা কুকুৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী আদেশ দিয়ে। সর্বোচ্চ আদালতে চৰকাৰী কর্তৃপক্ষসমূহক নির্দেশ দি কয় যে উন্মত্ত-পগলা আৰু আক্ৰমণাত্মক হৈ থকা ভতুৱা কুকুৰবোৰক কষ্টহীন মৃত্যুদান প্রক্রিয়া সম্পাদন কৰিব লাগে। ভতুৱা কুকুৰবোৰক পুনৰ স্থানান্তৰকৰণৰ পূৰ্বৰ ইয়াৰ আদেশত সংশোধনী বিচাৰি কৰা কেইবাখনো আৱেদনৰ শুনানি লৈ শীর্ষতম আদালতে মঙলবাৰে এই নির্দেশনা জাৰি কৰে। 

উচ্চতম ন্যায়ালয়ৰ আদেশটোত কোৱা হয় যে জন্তুৰ জন্ম নিয়ন্ত্ৰণৰ বিধি আৰু অন্য প্রযোজ্য বিধিগত প্রট'কল অনুসৰি, কর্তৃপক্ষসমূহে আইনীভাবে অনুমতিযোগ্য ব্যৱস্থা ল'ব পাৰে। অসুস্থ, উন্মত্ত-পগলা অথবা বিপজ্জনক আচৰণ প্ৰদৰ্শন কৰা/ মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পৰা আক্ৰমণাত্মক ভতুৱা কুকুৰবোৰক কষ্টহীন মৃত্যু দিয়াৰ অনুমতি দিয়া হৈছে কর্তৃপক্ষসমূহক। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্রম নাথ, সন্দীপ মেহতা আৰু এন ভি আঞ্জাৰীয়াৰে গঠিত বিচাৰপীঠখনে আৱেদনসমূহ নাকচ কৰি কয় যে ৰাজহুৱা স্থানত ভতুৱা কুকুৰৰ উপস্থিতি উদ্বেগজনক। 

কিন্তু বিচাৰপীঠখনে কয় যে ৰাজহুৱা স্থানত জনসাধাৰণক বিশেষকৈ শিশুক জন্তুৱে আক্ৰমণ কৰা বিষয়টো এৰাই চলিব বিধৰ নহয়। উচ্চতম ন্যায়ালয়ে কয় যে শিশু আৰু বৃদ্ধ লোকসকলক ভতুৱা কুকুৰে কৰা আক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই ভতুৱা কুকুৰবোৰক ৰাজহুৱা স্থানৰ পৰা পুনৰ স্থানান্তৰ কৰাৰ পূৰ্বৰ নিৰ্দেশ বাহাল থাকিব।

Share This