ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ প্ৰখ্যাত সংগীতজ্ঞ জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পাছত সমগ্র বিশ্বত মহান শিল্পীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন অব্যাহত আছে। ভাৰতৰ 'চিৰবৈৰী' পাকিস্তানতো জুবিন গাৰ্গৰ প্ৰতি অলপতে শ্রদ্ধা জনোৱা হয়। পাকিস্তানী পপ-ৰক বেণ্ড 'খুদগৰ্জ'-এ কৰাচীত জুবিন গাৰ্গৰ জনপ্রিয় গীত 'য়া আলী' পৰিৱেশন কৰে।
গীত পৰিৱেশনৰ ভিডিঅ' সামাজিক মাধ্যম, ইষ্টাগ্ৰামত প্ৰচাৰ কৰি বেণ্ডটোৱে এইদৰে কয়, 'জুবিন গাৰ্গলৈ স্নেহেৰে কৰাচীৰ পৰা, আপুনি আমাৰ গীতৰ তালিকাসমূহৰ এটা অংশ সদায়েই হৈ থাকিব। ধন্যবাদ।' ভিডিঅ'টোত বেণ্ডটোৱে গীতটো পৰিৱেশন কৰি থকাৰ সময়ত উপস্থিত দর্শকেও গীতটি গাই বেণ্ডটোক সহযোগ কৰা পৰিলক্ষিত হয়।
বেণ্ডটোৱেও প্ৰাণঢালি গীতটো সমস্বৰে পৰিৱেশন কৰে। এই ভিডিঅ'টো বাতৰি যুগুতোৱা পর্যন্ত প্রায় ৫ লাখ লোকে চাইছে আৰু ভাইৰেল হৈছে। ভিডিঅ'টোত যথেষ্ট সংখ্যক লোকে গণশিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জ্ঞাপন ।