ডিজিটেল ডেস্কঃ ভাৰতৰ দুই প্ৰতিৱেশী দেশ পাকিস্তান আৰু চীনে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা চলাই আছে। চি বি এছক দিয়া ৬০ মিনিটৰ সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই কথা প্রকাশ কৰে। তেওঁ আৰু কয় যে ৰাছিয়া আৰু উত্তৰ কোৰিয়ায়ো পাৰমাণৱিক পৰীক্ষা চলাই আছে।
৩৩ বছৰৰ পাছত আমেৰিকাই পাৰমাণৱিক পৰীক্ষা কৰিবলৈ লোৱাৰ যুক্তি দি ট্রাম্পে এই কথা প্রকাশ কৰে। কিন্তু ট্রাম্পে কৰা এই প্রকাশে ভাৰতৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে কাৰণ ভাৰতৰ দুটা সীমান্তত থকা দুখন 'শত্রু' দেশে চলাই আছে পাৰমাণৱিক পৰীক্ষা।
ট্রাম্পে দাবী কৰে যে পাৰমাণৱিক অস্ত্র (ৱাৰহেড) দেশবোৰে পৰীক্ষা চলাই আছে- মাত্র তেওঁলোকে এই কথা প্ৰকাশ কৰা নাই। ট্রাম্পে আৰু কয় যে চীন আৰু পাকিস্তানে ইতিমধ্যে গোপনে বিস্ফোৰণো ঘটাইছে। ট্রাম্পে কয়, 'ৰাছিয়াই পৰীক্ষা কৰিছে আৰু চীনে পৰীক্ষা কৰিছে, কিন্তু তেওঁলোকে এই কথা প্রকাশ নকৰে।
আপোনালোকে জানে যে আমাৰ সমাজ হৈছে এখন মুকলি সমাজ। আমে বেলেগ। আমি এনে কথা প্রকাশ কৰোঁ... সেই বিষয়ে লিখা তেওঁলোকৰ সাংবাদিক নাই।' তেওঁ দাবী কৰি কয়, 'নিশ্চিতভাৱে উত্তৰ কোৰিয়াই পৰীক্ষা কৰি আছে। পাকিস্তানে পৰীক্ষা কৰি আছে।' একেটা সাক্ষাৎকাৰতে ট্রাম্পে কয় যে যোৱা মে'ত ভাৰত-পাকিস্তানৰ মাজত পাৰমাণবিক যুদ্ধ লাগোঁ লাগোঁ, বাণিজ্য আৰু শুল্কৰ কথা কৈ তেওঁহে বাধা দিলে।