বিশ্ব কাপত ভাৰতত খেলিবলৈ আহিব পাকিস্তানৰ ক্ৰিকেট দল

Jyoti Borah August 07, 2023

ডিজিটেল ডেস্ক ঃ আই চি চি এদিনীয়া বিশ্ব কাপত খেলাৰ বাবে পাকিস্তানী ক্ৰিকেট দলটোৱে ভাৰত ভ্ৰমণ কৰাটো আজি নিশ্চিত হৈ পৰে৷ পাকিস্তানৰ শ্বাহবাজ শ্বৰিফ চৰকাৰেপাকিস্তানী ক্ৰিকেট দলটোৰ ভাৰত ভ্ৰমণত অনুমোদন জনাইছে৷ পাকিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই কথা প্ৰকাশ কৰে৷ বিবৃতিটোত বিদেশ মন্ত্ৰ্যালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে বিশ্ব কাপত খেলাৰ বাবে দেশখনৰ ক্ৰিকেট দলটোৱে ভাৰত ভ্ৰমণ কৰিব৷ পাকিস্তানে খেলৰ সৈতে ৰাজনীতিক মিহলি কৰিবলৈ নিবিচাৰে৷ সেই কাৰণেই পাকিস্তানী ক্ৰিকেট দলটোক ভাৰত ভ্ৰমণৰ অনুমতি দিছে৷ অৱশ্যে বিদেশ মন্ত্ৰ্যালয়ে পাকিস্তানী ক্ৰিকেট দলটোৰ নিৰাপত্তাক লৈ উদ্বেগো প্ৰকাশ কৰে৷ 

             বিবৃতিটোত কয়, ‘আমি দলৰ নিৰাপত্তাক লৈ গভীৰভাৱে চিন্তিত৷ এই প্ৰসংগটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ওচৰতো উত্থাপন কৰা হৈছে৷ পাকিস্তানী দলটোৱে ভাৰত ভ্ৰমণৰ সময়ত সম্পূৰ্ণ নিৰাপত্তা লাভ কৰিব বুলি আশা কৰা হৈছে৷’ পাকিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ে লগতে কয়, ‘দুয়োখন দেশৰ মাজৰ ৰাজনৈতিক বিবাদক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাজলৈ আনিব নালাগে৷  ভাৰতীয় দলে এছিয়া কাপত খেলাৰ বাবে পাকিস্তানলৈ নাহিলেও পাকিস্তানে নিজৰ দলটোৰ সৈতে তেনে ধৰণৰ কাম নকৰে৷’ উল্লেখযোগ্য যে আই চি চি এদিনীয়া বিশ্ব কাপ প্ত অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ পাকিস্তানে প্ৰথম মেচ খেলিব ৬ অক্টোবৰত৷ উল্লেখযোগ্য যে পাকিস্তানে অন্তিমবাৰ ভাৰত ভ্ৰমণ কৰিছিল ২০১৬ চনত টি-২০ বিশ্ব কাপত খেলাৰ বাবে৷

Share This