ডিজিটেল ডেস্ক : পৰৱৰ্তী আই পি এলত দেখা পোৱা যাব পাৰে পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ আমিৰক। ২০০৮ চনৰ পৰাই পাকিস্তানী ক্রিকেটাৰে আই পি এল খেলাৰ সুযোগ পোৱা নাই। অহা বছৰ পাকিস্তানৰ প্ৰাক্তন ক্রিকেটাৰ আমিৰে সেই সুযোগ পাব পাৰে। আমিৰে ব্ৰিটিছ নাগৰিকত্ব লৈছে। তেওঁৰ পত্নী নার্গিছ খান এগৰাকী ব্ৰিটিছ নাগৰিক। আমিৰে পত্নীৰ জৰিয়তে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিছে। সেই নাগৰিকত্ব ব্যৱহাৰ কৰি আমিৰে আই পি এলত নাম পঞ্জীয়ন কৰিব পাৰে। পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে মাথোঁ আই পি এলতে নহয় আন বিদেশী লীগতো ব্ৰিটিছ নাগৰিক হিচাপে নাম পঞ্জীয়ন কৰিব পাৰে।
আৰম্ভণিতে কেইবাগৰাকী পাকিস্তানী ক্রিকেটাৰে আই পি এলত খেলিছিল। সেই তালিকাত শ্বাহিদ আফ্রিদী, শ্বোৱেইব আখতাৰ, ওমৰ গুল, ছলমান বাট, ছোহেইল তনবীৰ, শ্বোৱেইব মালিকৰ দৰে ক্রিকেটাৰ আছিল। কিন্তু ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতীয় ক্রিকেট ব'র্ডে ঘোষণা কৰিছিল যে পাকিস্তানী ক্রিকেটাৰক আই পি এলত খেলিবলৈ দিয়া নহ'ব।
তাৰ পাছতো অৱশ্যে আই পি এলত খেলিছে মাত্র এগৰাকী পাকিস্তানী ক্রিকেটাৰে। সেইগৰাকী ক্রিকেটাৰ হৈছে আজহাৰ মাহমুদ। তেওঁ ২০১২ আৰু ২০১৩ চনত পঞ্জাব কিংছ আৰু ২০১৫ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল। তেওঁ ব্ৰিটিছ নাগৰিকত্বৰে আই পি এলত খেলিবলৈ অনুমতি পাইছিল। এতিয়া লক্ষণীয় হ'ব আমিৰেও একেটা পথেৰে আই পি এলত খেলিব পাৰিবনে?