ডিজিটেল ডেস্ক: পাকিস্তানক ধৰাশায়ী কৰি ভাৰতে টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত প্ৰৱেশ কৰিছে। ঈশান কিষাণৰ দুৰন্ত অর্ধশতৰানৰ লগতে যশপ্রীত বুমৰাহ নেতৃত্বাধীন বলিং বিক্ৰমৰ জৰিয়তে পাকিস্তানক কালি গ্রুপ 'এ'ৰ খেলখনত সহজেই ৬১ ৰানত পৰাজিত কৰে।
প্ৰথমে বেট ধৰি ঈশানৰ ৪০টা বলত ৭৭ ৰানৰ সহায়ত ৭ উইকেটত ১৭৩ ৰান কৰা ভাৰতে পৰৱৰ্তী সময়ত পুৰাতন প্রতিদ্বন্দ্বী পাকিস্তানক ১৮ অ'ভাৰত ১১৪ ৰানত সীমিত ৰাখে। পাকিস্তানৰ ইনিংছত ওছমান খানে সর্বাধিক ৪৪ আৰু শাহিন শ্বাহ আফ্রিদীয়ে অপৰাজিত ২৩ ৰান কৰে।
ভাৰতৰ বলিঙত তিষ্ঠিব নোৱৰা পাকিস্তানৰ মাথোঁ ৪ গৰাকী বেটাৰে দুটা অংকৰ ৰান গোটাবলৈ সক্ষম হয়। একপক্ষীয় খেলখনত যশপ্রীত বুমৰাহে (২-১৭) পাকিস্তানৰ টপ-অৰ্ডাৰ ভাঙি পেলোৱাৰ পাছতে হার্ডিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু বৰুণ চক্রৱতীয়ে দুটাকৈ উইকেট দখল কৰি বাকী কাৰ্যখিনি সম্পন্ন কৰে। ইয়াৰ আগেয়ে ভাৰতে অ'পেনাৰ ঈশান কিষাণৰ দুৰ্দান্ত অর্ধশতৰানৰ জৰিয়তে পোনতে বেট ধৰি ৭ উইকেটত ১৭৫ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিছিল। দলীয় স্ক'ৰ ১ ৰানতে অভিষেক শৰ্মা (০) আউট হ'লেও ঈশানে খেলৰ দিশ সলনি কৰে। ৪০ টা বল খেলি ১০ টা চাৰি আৰু তিনিটা ছয়েৰে নিজৰ ৭৭ ৰানৰ ইনিংছটো সজোৱা ঈশানে তিলক বার্মাৰে (২৫) মিলি ৮৭ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে।
দলৰ হৈ অধিনায়ক সূর্যকুমাৰ যাদৱে দ্বিতীয় সর্বাধিক ৩২, শিভম ডুবেই ২৭ ৰান কৰাৰ বিপৰীতে ৰিংকু সিঙে ১১ ৰানত আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ সফলতম বলাৰ ছাইম আয়ুবে ২৫ ৰানত সৰ্বাধিক তিনিটা উইকেট দখল কৰে।