ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই আজি পাকিস্তানী সেনাক এই বুলি হুংকাৰ দিয়ে যে অপাৰেশ্যন সেন্দুৰৰ ভয়ংকৰ ৰূপ এতিয়াও বাকী আছে। অপাৰেশ্যন সেন্দুৰৰ সফলতাৰ পাছত ১৫ ইনফেল্ট্রী ডিভিজনৰ জি অ'চি মেজৰ জেনেৰেল কার্তিক চি শেষাদ্রীয়ে আজি অমৃতসৰত বাতৰি প্ৰতিষ্ঠান এ এন আইক দিয়া এটা সাক্ষাৎকাৰত পাকিস্তানক স্পষ্টভাৱে সকীয়াই দি কয় যে অপাৰেশ্যন সেন্দূৰত নির্ধাৰিত সকলো লক্ষ্যত উপনীত হ'বপৰা গ'ল আৰু ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ ওপৰত এক নিৰ্ণায়ক বিজয় অর্জন কৰিলে।
তেওঁ কয় যে ভাৰতৰ শক্তিশালী নেতৃত্ব, সক্ষম কূটনীতি, অর্থনৈতিক শক্তি আৰু সামৰিক বাহিনীৰ মোকাবিলা কৰাৰ পাকিস্তানৰ যোগ্যতা নাই। ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ সকলো আসোঁৱাহ, সুৰুঙা তথা দুৰ্বলতা সুন্দৰভাৱে চিনাক্ত কৰিলে। তেওঁ লগতে কয়, 'আমি জানো যে পাকিস্তানে সদায় কাপুৰুষালিহে কৰে... শত্ৰুৰ দুষ্ট লক্ষ্যক ধ্বংস কৰাৰ বাবে আমি সজাগ, সতর্ক আৰু সমৰ্থৱান। আমাৰ সেনাই সুপৰিকল্পিতভাৱে দ্রুতগতিত আধুনিকীকৰণ কৰি আছে।
পাকিস্তানে ভবিষ্যতে দুঃসাহ নকৰিব। যদিহে তেওঁলোকে সন্ত্রাসবাদীক পুনৰ প্ৰশ্ৰয় দিয়াৰ সাহস কৰে তেতিয়া তেওঁলোকৰ নাশ হোৱাটো নিশ্চিত। অপাৰেশ্যন সেন্দুৰ কেৱল স্থগিত ৰখা হৈছে, শেষ হোৱা নাই... ইয়াৰ ভয়ংকৰ ৰূপ এতিয়াও বাকী আছে।' আনহাতে অপাৰেশ্যন সেন্দূৰক লৈ সেনাই প্রকাশ কৰা এটা ভিডিঅ'ত দেখা পোৱা মতে পাকিস্তানী সেনাই অমৃতসৰৰ স্বৰ্ণ মন্দিৰকো লক্ষ্য কৰি লৈছিল। পাকিস্তানীয়ে স্বর্ণ মন্দিৰক লক্ষ্য কৰি প্ৰেৰণ কৰা ড্ৰ'ন কেনেকৈ ভূপাতিত কৰা হৈছিল সেয়া এই ভিডিঅ'ত দেখুওৱা হৈছে। ইফালে সেনা প্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি ৰাজস্থানৰ লংগেৱালত সীমামুৰীয়া অঞ্চলবোৰ পৰিদৰ্শন কৰে আৰু অপাৰেশ্যন সেন্দূৰত ভূমিকা পালন কৰা সেনাৰ জোৱানসকলক প্রশংসা কৰে। জেনেৰেল দ্বিবেদীয়ে স্থল আৰু বায়ু সেনা তথা বি এছ এফে সীমান্তত যুটীয়াভাৱে চলোৱা অভিযানৰ পৰ্যালোচনা কৰে।