পাকিস্তানে এৰি দিয়া নাই আটকাধীন বি এছ এফৰ   জোৱানক

dainik janambhumi April 28, 2025

ডিজিটেল ডেস্কঃ পঞ্জাবৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) এজন জোৱানে ভুলবশতঃ পঞ্জাবৰ পাক-ভাৰত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পাছত পাকিস্তানে ভাৰতীয় জোৱানজনক আটক কৰিছিল। ভাৰতীয় জোৱানজনক মুকলি কৰিবলৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিবাৰ 'ফ্লেগ মিটিং' অনুষ্ঠিত হৈছে। কিন্তু এতিয়ালৈকে জোৱানজনক পাকিস্তানৰ কবলৰ পৰা মুকলি কৰিব পৰা নাই ভাৰতে। 

ইফালে জোৱানজনক উদ্ধাৰ কৰিবলৈ তেওঁৰ পৰিয়ালে ভাৰত চৰকাৰক অনুৰোধ জনাইছে।

আনহাতে, বিগত ৪৮ ঘণ্টাত আৰু পাকিস্তানৰ মাজত উত্তেজনা অধিক বৃদ্ধি পাইছে।

এই পৰিপ্ৰেক্ষিতত জোৱানজনৰ মুকলিৰ বিষয়ত অনিশ্চয়তাই দেখা দিছে।

Share This