পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ

dainik janambhumi August 18, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশত প্রবল বৰষুণে সৃষ্টি কৰা ভয়াৱহ আকস্মিক বানে জনজীৱন ব্যাহত কৰি তুলিছে। 

শনিবাৰে প্রদেশখনৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে, প্রদেশখনত মৃতকৰ সংখ্যা তিনি শতাধিক হৈছে। ইয়াৰ ভিতৰত ১৩টা শিশুও আছে। নেৰানেপেৰা বৰষুণে প্রদেশখনৰ বিভিন্ন জিলাত আকস্মিক বানৰ সৃষ্টি কৰিছে আৰু এই বৰষুণ ২১ আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রদেশখনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই। চৰকাৰী তথ্য অনুসৰি, প্ৰদেশখনত যোৱা ৪৮ ঘণ্টাত ৩৪০জন লোকে প্রাণ হেৰুৱাইছে। 

বিধ্বংসী বৰষুণ, ডাৱৰ বিস্ফোৰণ, আকস্মিক বানৰ তাণ্ডৱ প্রদেশখনত বর্তমানলৈকে চলি আছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩০২জন পুৰুষ, ১৫গৰাকী মহিলা আৰু ১৩টা শিশু আছে। আনহাতে, প্রায় ৩০জন লোক বৰষুণ সম্বন্ধীয় ঘটনাত আহত হৈছে। প্রদেশখনত এই প্রাকৃতিক দুৰ্যোগৰ ফলত মুঠ ৭৪টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।

Share This