ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী স্থানত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছত সম্পূৰ্ণ স্তম্ভিত হৈ পৰিছে পাকিস্তান। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই আক্ৰমণৰ পিছত ভাৰতক ভাবুকি প্ৰদান কৰিছে।
অপাৰেশ্যন সেন্দূৰৰ পিছতে পাকিস্তানেও বজাইছে যুদ্ধৰ ৰণডংকা। ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ পাকিস্তানো আছে যুদ্ধংদেহি মনোভাৱত ।
পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে প্ৰতি টোপাল তেজৰ প্ৰতিশোধ লোৱা হ’ব। শত্ৰুৱে নিৰস্ত্ৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰিলে। আমাৰ সেনাইও ভাৰতীয় সেনাৰ আক্ৰমণৰ উত্তৰ দিছে। পাক বায়ু সেনাক আক্ৰমণৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে।
পাকিস্তানৰ হুংকাৰত কঠোৰভাৱে গৰজি উঠিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগ। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ’বই- ঘোষণা কৰিলে সুৰক্ষা উপদেষ্টা অজিত দোভালে। UNSCৰ সন্মুখতো বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ একেই ঘোষণা- ‘পাকিস্তানে আক্ৰমণ কৰিলে ভাৰতে প্ৰত্যাক্ৰমণ কৰিব।
উৎস প্ৰাগ নিউজ ডিজিটেল