ডিজিটেল ডেস্কঃ পাকিস্তানে ভাৰতৰ ১৫খন মহানগৰত সামৰিক স্থানলৈ লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ কেইবাঠাইতো এয়াৰ ডিফেন্স ৰাডাৰ ছিষ্টেমক লক্ষ্য কৰি আক্ৰমণ কৰে আৰু লাহোৰৰ এয়াৰ ডিফেন্স ৰাডাৰ ধ্বংস কৰে। সূত্র মতে পাকিস্তানৰ চীনা এইচ কিউ-৯ মিছাইল ডিফেন্স ছিষ্টেমত ভাৰতৰ ইজৰাইল নির্মিত হার্পি কামিকাজী একাধিক ড্ৰ'নে আঘাত কৰে আৰু ধ্বংস কৰে।
ইয়াৰ ফলত লাহোৰত পাকিস্তানী সেনা প্রতিৰক্ষাহীন হৈ পৰে। ভাৰত চৰকাৰে এই কথা প্রকাশ কৰে। পাকিস্তানে স্বীকাৰ কৰিছে যে ভাৰতে কৰা ড্ৰ'ন আক্ৰমণত লাহোৰত পাকিস্তানী সেনাৰ ৪জন জোৱান আহত হয়। পাকিস্তানী সেনাই ভাৰতৰ কেইবাখনো ইউ এ ভি গুলীয়াই ভূপাতিত কৰা বুলি দাবী কৰিছে। পাকিস্তানী সেনাৰ মতে এখন ড্র'ন লাহোৰত পতিত হয়।
আনহাতে গুজৰনৱালা, চকবাল, বাহাৱলপুৰ, মিয়ানো, কৰাচী, ছোৰ, ৰাৱালপিণ্ডি আৰু আতকৰ সমীপত আন ১২খন ভূপাতিত কৰা হয়। পাকিস্তানৰ এইচ কিউ-৯ এয়াৰ ডিফেন্স ছিষ্টেম: পাকিস্তানে লাহোৰৰ প্ৰতিৰক্ষাৰ বাবে বিভিন্ন প্ৰকাৰৰ চীনা এইচ কিউ-৯ এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰে। চীনে পাকিস্তানক যোগান ধৰা এইচ কিউ-৯ক এইচ কিউ-৯ পি বুলি কোৱা হয়। সম্ভৱতঃ পিয়ে পাকিস্তানক বুজায়। এই এয়াৰ ডিফেন্স ছিষ্টেম হৈছে ৰাছিয়াৰ এছ-৩০০ মিছাইল ছিষ্টেমৰ চীনা সংস্কৰণ। ২০২৪ চনৰ পাকিস্তান দিৱসৰ পেৰেডত এই এইচ কিউ-৯ পি ছাৰফে'চ টু এয়াৰ মিছাইল ছিষ্টেম প্রদর্শন কৰা হৈছিল। পাকিস্তান দিৱসৰ বাতৰিত প্ৰকাশ পাইছিল যে চীনে যোগান ধৰা এইচ কিউ-৯ পি পাকিস্তানী সেনাত মোতায়েন কৰা হৈছিল ২০২১ চনত আৰু ইয়াৰ পৰিসৰ হৈছে ১২৫ কিল'মিটাৰ। চীনৰ সেনাৰ সেৱাত থকা এইচ কিউ-৯ ৰেঞ্জ হৈছে ২৫০ কিল'মিটাৰৰ। উল্লেখযোগ্য যে পাকিস্তানে এয়াৰ ডিফেন্সৰ বাবে এইচ কিউ-৯ পি, এইচ কিউ-৯ বি ই, এইচ কিউ-১৬ এফ ই, এফ ডি-২০০০কে ধৰি পুৰণি এল রাই-৮০ আৰু এফ এম-৯০ ব্যৱহাৰ কৰে।