ডিজিটেল ডেস্ক : পাকিস্তান চলিত আই চি চি মহিলা বিশ্ব কাপত তৃতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে। প্রতিযোগিতাখনত কালিৰ এখন খেলত পাকিস্তানক ডিফেন্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই ১০৭ ৰানত পৰাজিত কৰে। প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াই বেথ মুনীৰ ১০৯ ৰানৰ সহায়ত ৯ টা উইকেট হেৰুৱাই ২২১ ৰান কৰে। প্রত্যুত্তৰত পাকিস্তানে ৩৬.৩ অভাৰত ১১৪ ৰানতে কেউটা উইকেট হেৰুৱায়। অষ্ট্ৰেলিয়াৰ বলিঙত তিষ্ঠিব নোৱৰা পাকিস্তান বেটিং বিপর্যয়ৰ সন্মুখীন হয়।
দলৰ হৈ ছিদ্রা আমিনে সর্বাধিক ৩৫ ৰানৰ অবদান যোগায়। আমিনৰ লগতে আন তিনি বেটাৰে দুটা অংকৰ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ কিম গার্থে সর্বাধিক তিনিটা, মেগান স্কাট আৰু আনাবেল ছাডাৰলেণ্ডে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে মুনীৰ ১১৪টা বলত মসৃণ ১০৯ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই ৯ উইকেটত সংগ্ৰহ কৰিছিল ২২১ ৰান। এটা সময়ত ৭৬ ৰানতে ৭টা উইকেট হেৰুৱাই শ'লঠেকত পৰিছিল অষ্ট্ৰেলিয়া। পিছে মুনীয়ে প্রায় অকলেই দলীয় স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰোৱায়।
অন্তিম অ'ভাৰত আউট হোৱাৰ আগেয়ে মুনীয়ে প্রথমে কিম গাৰ্থৰ (১১) সৈতে অষ্টম উইকেটত ৩৯ ৰান যোগ দিয়ে। ১১টা চাৰিৰে নিজৰ পঞ্চম এদিনীয়া শতৰানটো সজোৱা মুনীয়ে নৱম উইকেটত আলানা কিঙৰে (অপঃ ৫১) মিলি অভিলেখ সংখ্যক ১০৬ ৰানৰ সংযোজন ঘটাই দলৰ বাবে শক্তিশালী স্ক'ৰ থিয় কৰাবলৈ সক্ষম হয়। আনহাতে, কিঙে এদিনীয়া ক্রিকেটত প্রথমটো অর্ধ-শতকীয় ইনিংছ খেলে। ৪৯টা বলত তিনিটা চাৰি আৰু তিনিটা ছয়েৰে কিঙে নিজৰ অপৰাজিত ইনিংছটো সজায়। পাকিস্তানৰ হৈ নাছৰা সান্ধুৱে সর্বাধিক তিনিটা, দুটাকৈ উইকেট দখল কৰে ৰমিন ছামিম আৰু ফাডিমা ছানাই।