ডিজিটেল ডেস্ক: পাকিস্তানত চলি থকা গৃহযুদ্ধই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দেশখনত চৰকাৰ আৰু বিদ্রোহী বেলুচ লিবাৰেশ্যন আর্মি (বি এল এ)ৰ মাজত হোৱা সংঘৰ্ষত পাঁচ শতাধিক নিহত হোৱা বুলি দাবী কৰা হৈছে। বি এল এই কৰা দাবী মতে, যোৱা ৩১ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা ছদিনীয়া অপাৰেশ্যন হেৰোফ-২ অভিযানৰ অধীনত সংগঠনটোৰ যুঁজাৰুৱে পাকিস্তানৰ ১৪খন চহৰত ৭৬টাতকৈ অধিক আক্রমণ কৰে।
বি এল এই কৰা দাবী মতে, ইয়াৰে ভালেমান আক্রমণ একেসময়তে সমন্বিতভাৱে কৰা হয়। বি এল এই কৰা দাবী মতে, ইয়াৰ অধীনৰ বিভিন্ন উগ্রপন্থী গোটে পাকিস্তানী সেনা, ফ্রন্টিয়াৰ কৰ্প'ছ, আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ ওপৰত কৰা অতর্কিত আক্রমণ, সংঘৰ্ষ আৰু আন ধৰণেৰে কৰা আক্ৰমণত ৩৬২জনত কৈ অধিক নিৰাপত্তাৰক্ষী নিহত হয়। বি এল এই প্রকাশ কৰা মতে, পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনী তথা চোৰাংচোৱাৰ বিৰুদ্ধে চলোৱা আক্ৰণত ইয়াৰ প্রধান গোট ক্রমে- মজিদ ব্রিগেড, ফতেহ স্কোৱাড, স্পেচিয়েল টেক্টিকেল অপাৰেশ্যন স্কোৱাড, চোৰাংচোৱা শাখী জিৰাব আৰ মিডিয়া গোটসকলে অংশগ্ৰহণ কৰে। সংগঠনটোৰ মতে, এই অভিযানৰ সময়ত তেওঁলোকৰ ৯৩জন যুঁজাৰু নিহত হয়। ইয়াৰে ৫০জন ফিদায়ি আক্রমণকাৰী আছিল।
ইফালে পাকিস্তান চৰকাৰে বি এল এ এই দাবী অগ্রাহ্য কৰে। পাকিস্তান চৰকাৰৰ মতে, এই সময়ছোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে বি এল এৰ দুই শতাধিক উগ্রপন্থীক হত্যা কৰে। আনহাতে, পাকিস্তানৰ ১৭জন নিৰাপত্তাৰক্ষীক বি এল এই কৰায়ত্ত কৰা বুলিও দাবী কৰে আৰু কয় যে ইয়াৰে দহজনক পাছত মুকলি কৰি দিয়া হয়।
বেলুচিস্তান অঞ্চলত চলি থকা এই গৃহযুদ্ধত পাকিস্তানৰ বিস্তৰ ক্ষতি হৈছে। ইয়াৰ লগতে দেশখন চাপৰো সন্মুখীন হৈছে। এই গৃহযুদ্ধই পাকিস্তানৰ চৰকাৰী বিষয়া, নিৰাপত্তা বাহিনীৰ লোকসকলক শংকিত কৰি তুলিছে আৰু চীনৰ দৰে বিদেশী বিনিয়োগকাৰীৰ বাবেও ভয় আৰু শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।