ডিজিটেল ডেস্ক: পাকিস্তানত ইৰানৰে পুনৰ দ্বিতীয়লানি শান্তি আলোচনা চলাবলৈ আমেৰিকাই দুটা নতুন চর্ত আৰোপ কৰিছে। আমেৰিকাৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে কয় যে অহা দুদিনৰ ভিতৰত তেহৰানৰ সৈতে যুদ্ধ-বিৰতি বিষয়ক শান্তি আলোচনা পুনৰ আৰম্ভ হ'ব।
ইজৰাইলী সংবাদ মাধ্যম 'হেয়মে' প্রকাশ কৰা অনুসৰি, যুদ্ধ- বিৰতিৰ আলোচনা পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাই হৰমুজ প্রণালী ইৰানে সম্পূর্ণ আৰু বাধাহীনভাৱে মুকলি কৰি দিয়াটো বিচাৰিছে। সংবাদ মাধ্যমটোরে দাবী কৰা মতে, আমেৰিকাই আৰু বিচাৰিছে যে এইবাৰৰ আলোচনাত ইছলামিক ৰিভলুউশ্যনেৰী কৰ্পছৰ (আই আৰ জি চি) কর্তৃত্ব থকা ইৰানী প্রতিনিধিয়ে অংশগ্রহণ কৰিব লাগিব। যিকোনো চুক্তিত উপনীত হোৱাৰ পূৰ্বে ইৰানৰ সামৰিক বাহিনীৰ শীর্ষ প্রতিনিধি বৈঠকত থকাটো বিচাৰিছে আমেৰিকাই।
ইফালে, খবৰ অনুসৰি, ইৰানৰ ৰাজনৈতিক নেতৃত্ব-ৰাষ্ট্রপতি মাছুদ পেজেস্কিয়ান আৰু বিদেশ মন্ত্রী অৰাঘাচীৰ সৈতে আই আৰ জি চিৰ শীর্ষ বিষয়াসকলৰ মতানৈক্য হৈছে। আই আৰ জি চিৰ আহমদ ভাহিদী আৰু আলী আব্দুল্লাহীয়ে পাকিস্তানৰ হ'বলগীয়া শান্তি আলোচনাৰ বাবে সামৰিক প্রতিনিধি প্ৰেৰণ কৰাটো বিচাৰিছে। আনহাতে, শান্তি আলোচনাৰ প্ৰথমলানি বৈঠক ব্যর্থ হোৱাৰ পাছত আকৌ পাকিস্তানত ইৰান-আমেৰিকাৰ আলোচনা হোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে ।