ঘোষণাৰ ৩ ঘণ্টাৰ পাছতে যুদ্ধ-বিৰতি উলংঘা পাকিস্তানৰ

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্ক : পাকিস্তানে শনিবাৰে ভাৰতৰ সৈতে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ মাত্র তিনি ঘণ্টাৰ পাছতে পুনৰ আক্ৰমণ কৰে। এই ঘটনাক ভাৰতে তীব্ৰ গৰিহণা দিয়াৰ উপৰি বিদেশ সচিব মিস্ত্রীয়ে ইয়াক লৈ এখন সংবাদমেল সম্বোধন কৰে। পাকিস্তানী সেনাই যুদ্ধ-বিৰতি উলংঘা কৰি শনিবাৰে নিশা ৮মান বজাৰ পৰা নিয়ন্ত্ৰণ ৰেখাত ধাৰাসাৰ গোলা তথা গুলী বর্ষণ কৰে। ইয়াৰ লগতে পাকিস্তানী সেনাই জম্মু আৰু কাশ্মীৰৰ পৰা গুজৰাটৰ কচ্চলৈকে ড্ৰ'নেৰে আক্ৰমণৰ চেষ্টা কৰে। পাকিস্তানে নিয়ন্ত্রণ ৰেখাৰ আৰ এছ পুৰা, আখনুৰ, ৰাজৌৰীকে ধৰি কমেও ১১টা স্থানত ধাৰাসাৰ গোলা আৰু গুলী বৰ্ষণ কৰি থকা বুলি জনা গৈছে।

শেহতীয়া বাতৰি মতে, পাকিস্তানী সেনাই জম্মু, শ্রীনগৰ, ৰাজস্থানৰ বাড়মেৰ, পঞ্জাবৰ ফিৰোজপুৰ গুৰদাসপুৰ আৰু - পাঠানকোটৰ লগতে গুজৰাটৰ কচ্চত - ড্ৰ'নেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও ভাৰতীয় সেনাই ইয়াক ব্যর্থ কৰে। ৰাজস্থানৰ পোখৰানতো আজি পাকিস্তানী সেনাই কেইবাখনো ড্ৰ'নেৰে আক্ৰমণৰ চেষ্টা কৰে। শ্রীনগৰতো কেই বাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। শ্রীনগৰৰ উপৰি ৰিয়াছী, কটৰা, উধমপুৰতো ৭ বিস্ফোৰণৰ শব্দ শুনা গৈছে। পাকিস্তানী সেনাই উধমপুৰৰ বায়ু সেনাৰ ঘাটিক লক্ষ্য কৰি ড্ৰ'ন প্ৰেৰণ কৰিছিল যদিও ভাৰতীয় সেনাই ব্যর্থ কৰে। শ্রীনগৰত ২০ মিনিটৰ - ভিতৰত ৫০টাতকৈ অধিক বিস্ফোৰণৰ শব্দ = শুনা পোৱা গৈছে বুলি নিউজ ১৮-ৰ বাতৰিত প্ৰকাশ পাইছে। বাৰামুলাত এখন ড্র'ন ধ্বংস কৰা হয় আৰু এখন ইউ এ ভি - প্ৰতিৰোধ কৰা হয়। ইয়াৰ পাছত বিভিন্ন স্থানত ছাইৰেন বজোৱাৰ লগতে ব্লেকআউট ঘোষণা কৰা হৈছে। নগৰোটাত ভাৰতীয় সেনাৰ ১৬৬ ফিল্ড ৰেজিমণ্ট ইউনিটৰ ঘাটিত সন্ত্রাসবাদীয়ে আক্রমণ কৰে বুলি একাংশ সংবাদ মাধ্যমে প্রকাশ কৰে। আক্রমণটোত কেইটা সন্ত্রাসবাদী জড়িত বা কিমান ক্ষয়-ক্ষতি হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই।

ইফালে, ভাৰতীয় সেনাই এটা বিবৃতিত কয় যে পাকিস্তানৰ পৰা কেই বাখনো ড্র'ন আহিছিল যদিও অধিকাংশ উভতি যায়। সেনাই লগতে কয় যে উৰি আৰু বাৰামুলাত কোনো ধৰণৰ গুলীয়াগুলী হোৱা নাই বা ড্র'নো দেখা পোৱা নাই। সতর্কতামূলক ব্যৱস্থা হিচাপে উত্তৰ কাশ্মীৰৰ সকলো স্থানত ব্লেকআউট ঘোষণা কৰা হৈছে। অমৃতসৰৰ বায়ু সেনাৰ ঘাটিতো কোনো ধৰণৰ আক্ৰমণ হোৱা নাই বুলি সেনাই স্পষ্ট কৰি দিয়ে। সেনাৰ বিষয়াজনৰ মতে, এল অ' চিত গুলীয়াগুলী হোৱা নাই আৰু শ্রীনগৰতো বিস্ফোৰণ হোৱা নাই। পাকিস্তানী সেনাই যুদ্ধ-বিৰতি উলংঘা কৰাত ক্ষোভ প্রকাশ কৰিছে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই। তেওঁ কয়, 'যুদ্ধ-বিৰতিৰ কি হ'ল? সমগ্র শ্রীনগৰত বিস্ফোৰণৰ শব্দ শুনা পোৱা গৈছে।' জম্মু আৰু কাশ্মীৰত ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেম পুনৰ সক্ৰিয় কৰা হয়। কচ্চত মুঠ ৯খন ড্র'ন দেখা পোৱা গৈছিল।

ইফালে টিভি৯ ইণ্ডিয়াই প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ-বিৰতিত ভাৰত আৰু পাকিস্তানে সন্মতি জনাই যদিও ইয়াৰ তিনি ঘণ্টাৰ পাছতে পাকিস্তানী সেনাই যুদ্ধ-বিৰতি উলংঘা কৰে। বাতৰিটোত কোৱা অ হৈছে যে পাকিস্তানৰ সেনাই প্রধানমন্ত্রী শেহবাজ শ্বৰিফৰ কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু ভাৰতত পুনৰ আক্ৰমণ কৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ মধ্যস্থতাত দুয়োখন দেশে যুদ্ধ-বিৰতিত সন্মতি জনায়। কিন্তু পাকিস্তানী সেনা ইয়াত সম্মত হোৱা নাছিল আৰু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গৈ শনিবাৰে পুনৰ ভাৰতত আক্ৰমণ কৰে। ইয়াৰ পাছত এতিয়া পাকিস্তানত সামৰিক অভ্যুত্থান হোৱাৰ আশংকা বৃদ্ধি পোৱা বুলি বাতৰিটোত কোৱা হৈছে। ইফালে শনিবাৰে নিশা বৈদেশিক সচিব বিক্রম মিস্ত্রীয়ে এখন সংবাদমেলত পাকিস্তানে যুদ্ধ-বিৰতি উলংঘা কৰা বুলি কয়। তেওঁ কয়, 'পাকিস্তানে যুদ্ধ-বিৰতি উলংঘা কৰে আৰু চুক্তিৰ ঘোৰ উলংঘা কৰিছে। সেনাক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। সেনাই পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিছে।' তেওঁ কয়, 'শেহতীয়া কেইঘণ্টামানৰ আগৰে পৰা পাকিস্তানে যুদ্ধ-বিৰৰ্তি চুক্তি উলংঘা কৰি আছে। ভাৰতীয় সেনাই প্রত্যুত্তৰমূলক ব্যৱস্থা গ্রহণ কৰি আছে। এই আক্রমণ অতি নিন্দনীয় আৰু' পাকিস্তান ইয়াৰ দায়ী।' পাকিস্তানে ভাৰতত প্ৰৱেশ কৰা আক্ৰমণৰ বিৰুদ্ধে নির্ণায়ক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়া হৈছে।

Share This