ডিজিটেল ডেস্কঃ পহলগাম কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত 'অপাৰেশ্যন সেন্দুৰ' চলোৱাৰ লগে লগে পাক-ভাৰতৰ উত্তেজনাই চৰম পৰ্যায় পায় আৰু ইয়াৰ পাছতেই দুয়োখন দেশৰ মাজত ভয়ংকৰ আক্ৰমণ-প্রত্যাক্রমণ হয়। এই যুদ্ধকালীন অৱস্থাৰ মাজতেই পাকিস্তানৰ শীর্ষ সামৰিক বিষয়াই স্বীকাৰ কৰে ২০১৯ চনত সংঘটিত হোৱা পুলৱামাত সন্ত্রাসবাদীৰ আক্ৰমণত পাকিস্তানৰ হাত আছিল। এই সন্ত্রাসবাদীৰ আক্ৰমণত ভাৰতৰ ৪০জন অর্ধসামৰিক বাহিনীৰ জোৱানে প্রাণ হেৰুৱাই ছিল।
শুকুৰবাৰে ইছলামাবাদত এখন সংবাদমেলত পাকিস্তানৰ এয়াৰ ভাইচ মার্শাল ঔৰংগজেৱ আহমেদে পাকিস্তানী সামৰিক বাহিনীৰ প্ৰশংসা কৰিবলৈ গৈ কয় যে তেওঁলোকে ভাৰতক অৱগত কৰিবলৈ প্ৰচেষ্টা কৰি আছিল যে পুলৱামাত পাকিস্তানী সৈন্যৰ কৌশলগত বিচক্ষণতাৰ বিষয়ে। পুলৱামাত পাকিস্তানী সেনাই দেখুওৱা বিচক্ষণতাই দেশখনক গৌৰৱান্বিত কৰে বুলি দেশখনৰ বায়ু সেনাৰ শীৰ্ষ বিষয়াজনে মন্তব্য কৰে।
পাকিস্তানী বায়ু সেনাৰ জনসম্পৰ্কৰক্ষী শাখাৰ সঞ্চালক প্রধান আহমেদে কয় যে পুলৱামাত তেওঁলোকে কৌশলগত বিচক্ষণতা প্রকাশ কৰিছিল আৰু সেইবাবে যিকোনো মূল্যৰ বিনিময়ত পাকিস্তানৰ সামৰিক বাহিনীয়ে ভাৰতৰ আক্ৰমণ প্রতিহত কৰিব।