ডিজিটেল ডেস্ক : ভাৰতত পুনৰ পেহলগামৰ দৰে সন্ত্রাসবাদী আক্রমণ নচলাবৰ বাবে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে যোৱা বৃহস্পতিবাৰে পাকিস্তানক সকীয়াই দিছিল। কেন্দ্রীয় মন্ত্রীজনে কেৰালাত এখন সভাত ভাগ লৈ প্রকাশ কৰিছিল যে পাকিস্তানৰ ফালৰ পৰা পুনৰ আক্রমণ সংঘটিত হ'লে ভাৰত বহি নাথাকে। ভাৰতৰ 'অপাৰেশ্যন সেন্দুৰ' এতিয়াও চলি আছে। যদি পাকিস্তানে পুনৰ এনে নাৰকীয় ঘটনা সংঘটিত কৰে, তেন্তে ভাৰতে শত্রু ৰাষ্ট্ৰখনে কেতিয়াও পাহৰিব নোৱাৰা প্রত্যুত্তৰ দিব বুলি প্রকাশ কৰিছিল।
ৰাজনাথ সিঙৰ এই সকীয়নিৰ পাছতে শনিবাৰে সিঙক উভতি ধৰে পাকিস্তানৰ প্রতিৰক্ষামন্ত্রী খাৱাজা আছিফে। তেওঁ কয় যে ভবিষ্যতে কোনো যুদ্ধ বা আক্রমণ হ'লেই কেৱল সীমান্ততে আবদ্ধ নাথাকিব। ভাৰতৰ গভীৰলৈ বিশেষকৈ কলকাতাও পাকিস্তানৰ আক্রমণৰ লক্ষ্য হৈ পৰিব বুলিও খাৱাজাই ভাবুকি দিয়ে।
শিয়ালকোটত সাংবাদিকৰে বার্তালাপত খাৱাজাই কয় যে ভাৰতে যদি ভুৱা তথ্যৰ ভিত্তিত এইবাৰ পাকিস্তানত আক্রমণ চলায়, তেন্তে কলকাতা পর্যন্ত আক্রমণ চলাব পাকিস্তানে। আমি এইবাৰ ভাৰতৰ ২০০-২৫০ কিল'মিটাৰৰ ভিতৰতে সীমাবদ্ধ নাথাকি আৰু ভিতৰলৈ গৈ ঘৰৰ ভিতৰতে আক্রমণ চলাম বুলি খাৱাজা আছিফে ভাবুকিভৰা মন্তব্য প্রকাশ কৰিছে।