যুদ্ধ হ'লে চাৰি দিনো নিটিকিব পাকিস্তান

dainik janambhumi May 05, 2025

ডিজিটেল ডেস্কঃ  পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণটোৰ পাছত ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰাৰ আশংকাত ভোগা পাকিস্তানৰ নেতাসকলে ডাংকোপ মৰা কথাৰে ভাৰতক বিভিন্ন ধৰণৰ ভাবুকি দি আছে। দেশখনৰ একাংশ নেতাই আনকি পাৰমাণৱিক অস্ত্ৰৰ ভয়ো দেখুৱাই আহিছে। কিন্তু দেশখনৰ অৰ্থনীতিৰ অৱস্থা ইমানেই শোচনীয় হৈ আছে যে ভাৰতৰ বিৰুদ্ধে মাত্ৰ চাৰি দিনতকৈ অধিক সময় টিকি থাকিব নোৱাৰিব।

দেশখনত গোলা-বাৰুদৰ তীব্ৰ নাটনি চলি আছে। দেশখনে ইউক্রেইন আৰু ইজৰাইলৰ সৈতে কৰা চুক্তিৰ ফলত অস্ত্রভাণ্ডাৰ প্ৰায় খালী হৈ পৰে। উল্লেখযোগ্য যে পাকিস্তানে নিজৰ অৰ্থনৈতিক সংকটৰ জোৰা মৰাৰ বাবে ইউক্রেইনক বৃহৎ পৰিমাণৰ অস্ত্ৰ বিক্ৰী কৰে। সূত্ৰসমূহে লগতে এই কথাও প্রকাশ কৰে যে পাকিস্তানৰ অস্ত্ৰ কাৰখানাসমূহ পুৰণি প্ৰযুক্তিৰ, যাৰ ফলত চাহিদা অনুসৰি গোলা-বাৰুদ উৎপাদন কৰাত ব্যৰ্থ হৈছে। পাকিস্তানী সেনালৈ যোগান হ্রাস পোৱাৰ ফলত এতিয়া দেশখনত মাত্র ৯৬ ঘণ্টাৰ যুদ্ধৰ বাবেহে ভাণ্ডাৰত গোলা-বাৰুদ মজুত আছে। ইয়াৰ লগতে ভাৰতীয় সৈন্যৰ আক্ৰমণ প্রতিহত কৰিব পৰাকৈ পাকিস্তানী সেনাৰ হাতত এম১০৯ হাউৱিৎজাৰৰ বাবে ১৫৫

এম এমৰ গোলা বা বি এম-২১ প্ৰণালীৰ বাবে পর্যাপ্ত মাত্ৰাত ৰকেট নাই। যোৱা মাহত এক্সত কেইবাটাও প'ষ্টত এই বুলি দাবী কৰা হৈছে যে ১৫৫ এম এমৰ গোলা ইউক্রেইনৰ বাবে প্ৰেৰণ কৰাত পাকিস্তানৰ গোলা-বাৰুদৰ ভাণ্ডাৰ প্ৰায় খালী হৈ পৰে। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি গোলা-বাৰুদৰ নাটনিক লৈ পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে। যোৱা ২ মে'ত অনুষ্ঠিত হোৱা বিশেষ ক'ৰ কমাণ্ডাৰসকলৰ বৈঠকত এই বিষয়টো উত্থাপন কৰা হৈছিল। ইফালে পাকিস্তানী সেনা আর্থিক সংকটৰো সন্মুখীন হৈছে। সেনাবাহিনীয়ে ইন্ধনৰ নাটনিৰ সন্মুখীন হৈছে। ইয়াৰ জোৰা মৰাৰ বাবে সেনাৰ ৰেছন হ্রাস কৰাৰ দৰে পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে।

স্থগিত ৰখা হৈছে সামৰিক অনুশীলনো। উল্লেখযোগ্য যে পাকিস্তান বর্তমান প্রায় ৭০.৩৬ লাখ কোটি পাকিস্তানী টকাৰ ধাৰত পোত গৈ আছে। দেশখনৰ অর্থনীতি ইমানেই জুৰুলা হৈ আছে যে আই এম এফৰ পৰা ঋণ বিচাৰি হাত পাতিব লগা হৈছে। দেশখনে শেহতীয়াকৈ চীনৰ পৰা ১৪০ কোটি ডলাৰৰ ঋণ বিচাৰিছে। ষ্টেট বেংক অব পাকিস্তানৰ মতে, দেশখনৰ বৈদেশিক মুদ্রা ভাণ্ডাৰত যোৱা ১৮ এপ্রিললৈকে ১৫৪৩৬০০ কোটি ডলাৰহে মজুত আছে। দেশখনে প্রতি বছৰে আমদানি-ৰপ্তানিত ব্যয় কৰে ৫৪০০ কোটি ডলাৰ। পাকিস্তানৰ বৈদেশক মুদ্রা ভাণ্ডাৰত জমা থকা ধনেৰে দেশখন মাত্র চাৰি মাহহে চলাব পাৰিব। দেশখনৰ আৰ্থিক অৱস্থা শোচনীয় হৈ আছে যদিও দম্ভালি এৰা নাই। দেশখনে ভাৰতক ভাবুকি দিয়াৰ লক্ষ্যৰে পাৰমাণৱিক অস্ত্রসম্পন্ন ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰে। সীমান্তত দহ দিনে অব্যাহত ৰাখিছে গোলা আৰু গুলীবর্ষণ।

Share This