ভাৰতৰ বিৰুদ্ধে খেলিব পাকিস্তানে

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক: সকলো জল্পনা-কল্পনা, উৎকণ্ঠাৰ অৱসান ঘটাই যথা সময়তে আই চি চি টি-২০ বিশ্ব কাপৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্রতীক্ষিত মহাৰণখন অনুষ্ঠিত হ'ব। সকলো দিশৰ পৰা চাপৰ সন্মুখীন হোৱা পাকিস্তান ক্রিকেট ব'র্ডে অৱশেষত ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ সিদ্ধান্ত প্রত্যাহাৰ কৰে। 

ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ নাটক অন্ত পৰাৰ পাছত দুই পুৰাতন প্রতিদ্বন্দ্বীৰ মাজৰ খেলখনৰ গুৰুত্ব আৰু উত্তাপ যে বৃদ্ধি পাব, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আই চি চিৰ সৈতে বৈঠকৰ পাছতেই এক প্ৰকাৰ স্পষ্ট হৈ পৰিছিল যে পাকিস্তানে ইউ টার্ন ল'ব পাৰে। অৱশেষত সেয়া বাস্তৱত পৰিণত হ'ল। 

মূৰকত ১৫ ফেব্ৰুৱাৰীত শ্রীলংকাত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। উল্লেখযোগ্য যে যোৱা ১ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰে ঘোষণা কৰিছিল যে বিশ্ব কাপত অংশ ল'লেও ভাৰতৰ বিৰুদ্ধে তেওঁলোক খেলপথাৰত অৱতীর্ণ নহয়। বাংলাদেশ বিশ্ব কাপৰ পৰা বাদ পৰাৰ পাছতেই পাকিস্তানে এই সিদ্ধান্ত লৈছিল।

Share This