ডিজিটেল ডেস্ক : ইছলাম ধৰ্মৰ পৱিত্র ৰমজান মাহতেই আফগানিস্তানৰ সীমান্তৱর্তী মাদ্রাজা এখনত পাকিস্তানে শনিবাৰে নিশা অতর্কিতে ভয়াৱহ বিমান আক্রমণ সংঘটিত কৰে। পাকিস্তান-বিৰোধী বিদ্রোহীক লক্ষ্য কবি পাকিস্তানে কৰা বিমান আক্রমণত একেটা পৰিয়ালৰে ১৯জন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্রকাশ পাইছে। আফগানিস্তানৰ সীমান্তৱর্তী বেহছুদ জিলাৰ এটা আৱাসিক অঞ্চলত পাকিস্তানী সামৰিক বাহিনীয়ে বোমা বর্ষণ কৰাৰ সময়ত মাদ্রাছাখনত ২১জন অসামৰিক লোক আছিল। এই আক্রমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকসকলৰ ভিতৰত ৮০ বছৰীয়া বৃদ্ধৰ পৰা এবছৰীয়া শিশুও আছে।
খবৰ অনুসৰি, পাকিস্তানী সামৰিক বাহিনীয়ে জিলাখনৰ এখন মাদ্রাছাক লক্ষ্য কৰি আক্রমণ চলাইছিল আৰু তেহৰিক-এ-তালিবান পাকিস্তানৰ (টি টি পি) সন্ত্রাসবাদী মাদ্রাছাখনত লুকাই থকাৰ সন্দেহত বোমাবর্ষণ কৰিছিল। ইয়াৰ পাছতে আফগানিস্তানৰ তালিবান চৰকাৰে পাকিস্তানক সতর্ক কৰি দি কয় যে শীঘ্রেই এই আক্রমণৰ সমুচিত প্রত্যুত্তৰ তেওঁলোকে দিব। আনহাতে, পাকিস্তানৰ তথ্য মন্ত্র্যালয়ে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত তেওঁলোকে আফগানিস্তানৰ মাদ্রাছাত আক্রমণ কৰিছে। পাকিস্তানত টি টি পিৰ সন্ত্রাসবাদীয়ে কৰা ৩টা বৃহৎ আক্রমণৰ পোটক তুলিবলৈ পাকিস্তানী সামৰিক বাহিনীয়ে আফগানিস্তানত সন্ত্রাসবাদীৰ ঘাটিত এই আক্রমণ চলায় বুলি পাকিস্তানী তথ্য মন্ত্র্যালয়ে প্রকাশ কৰিছে।
উল্লেখযোগ্য যে ৰমজান মাহৰ আৰম্ভণিৰ পূর্বে ইছলামাবাদত টি টি পিৰ সন্ত্রাসবাদীয়ে এটা মছজিদত বোমা বিস্ফোৰণ কৰি ৩১জন লোকক হত্যা কৰিছিল আৰু ১৬০জনক আহত কৰিছিল। পাকিস্তান চৰকাৰে কয় যে অঞ্চলটোত টি টি পিৰ সন্ত্রাসবাদীয়ে ব্যাপক হাৰত আক্রমণ চলাই থকাৰ পাছতো আফগানিস্তানৰ তালিবান কর্তৃপক্ষই দেশখনত সন্ত্রাসবাদীক আশ্রয় দি আহিছে। প্রণিধানযোগ্য যে ২০২১ চনত তালিবান কর্তৃপক্ষই আফগানিস্তানৰ শাসনভাৰ লোৱাৰ পাছৰেপৰাই দেশখনৰ পাকিস্তানৰ সৈতে সংঘাত অব্যাহত আছে। আনহাতে, আফগান কর্তৃপক্ষই পাকিস্তানৰ শনিবাৰে নিশাৰ এই আক্রমণৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে। তালিবান চৰকাৰৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, পাকিস্তানৰ এই আক্ৰমণত দেশখনৰ ৩০জন নিৰীহ লোক এতিয়াও ধ্বংসাৱশেষৰ তলত সোমাই আছে। উদ্ধাৰকার্য এতিয়াও অব্যাহত ৰাখিছে তালিবান প্রশাসনে।