বি এছ এফৰ জোৱানক আটক পাকিস্তানী সেনাৰ

dainik janambhumi April 25, 2025

ডিজিটেল ডেস্কঃ সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এজন কনিষ্টবলে বুধবাৰে কৰ্তব্যৰ সময়ত পঞ্জাবৰ ফিৰোজপুৰৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভুলবশতঃ অতিক্রম কৰাৰ পাছত তেওঁক পাকিস্তানী সেনাই আটক কৰে। 

জিৰো লাইনৰ সমীপৰ ন' মেন্‌ছ লেণ্ডত শস্য উৎপাদন কৰা ভাৰতীয় কৃষকসকলৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ চলোৱা দৈনন্দিন তালাচীৰ সময়ত ঘটনাটো সংঘটিত হয়। বি এছ এফৰ ১৮২ সংখ্যক বেটেলিয়নৰ কনিষ্টবল পি কে সিঙে ঘটনাৰ সময়ত ইউনিফর্ম পৰিধান কৰাৰ লগতে সেই সময়ত তেওঁ ছাৰ্ভিচ ৰাইফল লগত ৰাখিছিল। 
এগৰাকী কৃষকক সংগ প্রদান কৰি থকা জোৱানজনে অত্যধিক গৰমৰ বাবে এডাল গছৰ ছাঁত জিৰাবলৈ সীমান্ত ভুলবশতঃ পাৰ হৈ যায় আৰু পাকিস্তানী সেনাই ইয়াক প্রত্যক্ষ কৰি জোৱানজনক আটক কৰে। 

বি এছ এফৰ সূত্ৰসমূহে কয় যে এনে ঘটনা সাধাৰণ আৰু এনে ঘটনাৰ সমাধানৰ বাবে ভাৰত-পাকিস্তানৰ সমাধানৰ মঞ্চ আছে। বি এছ এফৰ জ্যেষ্ঠ বিষয়াসকলে এই ঘটনাৰ পাছত সীমান্তত উপস্থিত হয় আৰু পাকিস্তানী ৰেঞ্জাৰৰ সৈতে এখন ফ্লেগ মিটিং চলি আছে।

Share This