বেলুচ যুঁজাৰুৰ আক্ৰমণত বিধ্বস্ত পাকিস্তানী সেনা

dainik janambhumi February 05, 2026

ডিজিটেল ডেস্ক : বেলুচ যুঁজাৰুৰ বিধ্বংসী আক্রমণত অসহায় হৈ পৰিছে পাকিস্তানৰ চৰকাৰ আৰু সামৰিক বাহিনী। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ শেহতীয়া স্বীকাৰোক্তিয়ে এই কথাকে প্রতিপন্ন কৰিলে। বিদ্রোহী সংগঠন বেলুচ লিবাৰেশ্যন আর্মি (বি এল এ)ৰ ওচৰত কাৰ্যতঃ আত্মসমর্পণ কৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে বেলুচ বিদ্রোহীৰ বিৰুদ্ধে যুঁজত পাকিস্তানৰ নিৰাপত্তা বাহিনী বিধ্বস্ত হৈ পৰিছে। বেলুচিস্তান প্রদেশৰ জটিল ভৌগোলিক পৰিৱেশ আৰু বৃহৎ সংখ্যক বিদ্রোহীৰ অংশগ্ৰহণৰ বাবেই এই যুঁজত পাকিস্তানে থৰ-কাছুটি হেৰুৱাইছে। 

উল্লেখযোগ্য যে বেলুচ বিদ্রোহীৰ আক্ৰমণত বেলুচিস্তান প্রদেশত প্রায় শতাধিক পাকিস্তানী নিৰাপত্তা বাহিনীৰ বিষয়া-জোৱান নিহত হোৱাৰ এদিন পাছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অসহায় স্বীকাৰোক্তি প্রদান কৰে। দেশখনৰ নেশ্যনেল এছেম্বলীত আছিফে কয় যে বেলুচিস্তান প্রদেশ এটা বৃহৎ অঞ্চল আৰু পাকিস্তানৰ ৪০% ভৌগোলিক এলেকা এই প্রদেশে আগুৰি আছে। এখন জনবহুল স্থানতকৈ এই অঞ্চলটোৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাটো বহু কঠিন। এই ক্ষেত্রত চৰকাৰ আৰু সেনাক 'পংগু' বুলি প্রকাশ কৰে তেওঁ। 

আছিফে লগতে সাধাৰণ নাগৰিকক হত্যা কৰা বি এল এ-ক সন্ত্রাসবাদী সংগঠন বুলি অভিহিত কৰে আৰু কয় যে সন্ত্রাসবাদীৰে কোনো আলোচনা নহ'ব। ইফালে, শেহতীয়াকৈ পোৱা বাতৰি মতে, পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশত বুধবাৰে তেহৰিক-এ-তালিবান পাকিস্তান (টিটিপি) উগ্রপন্থী সংগঠনৰ আক্ৰমণত পাকিস্তানী সেনাৰ এজন কেপ্টেইনকে ধৰি তিনিজন জোৱান নিহত হয়।

Share This