পাকিস্তানৰ নাগৰিকক আমেৰিকাত ৪০ বছৰ কাৰাদণ্ড

dainik janambhumi October 21, 2025

ডিজিটেল ডেস্কঃ ইৰানৰ পৰা য়েমেনৰ হুথি বিদ্রোহীলৈ এখন মাছ মৰা নাৱেৰে ক্ষেপণাস্ত্ৰৰ (মিছাইল) যন্ত্রাংশ সৰবৰাহ কৰা এজন পাকিস্তানী নাগৰিক ৫টা অপৰাধত দোষী সাব্যস্ত হোৱাৰ পাছত আমেৰিকাত ৪০ বছৰৰ কাৰাদণ্ড বিহা হয়। জিঅ' নিউজৰ বাতৰি মতে, মহম্মদ পহলাৱান নামৰ উক্ত ব্যক্তিজনক আৰব সাগৰত আমেৰিকাই চলোৱা এটা সামৰিক অভিযানৰ সময়ত ২০২৪ চনৰ জানুৱাৰীত আটক কৰা হৈছিল।

উক্ত অভিযানত আমেৰিকাৰ নৌবাহিনীৰ ছীল গোটৰ দুজন সদস্যই প্ৰাণ হেৰুৱাইছিল। আমেৰিকাৰ গোচৰটোৰ মতে, নিজকে মাছমৰীয়া বুলি দাবী কৰা পহলাৱানৰ নাৱৰ ৮জন কৰ্মচাৰীয়ে কয় যে তেওঁলোকক বিপথে  পৰিচালিত কৰা হৈছিল আৰু তেওঁলোক প্রকৃত ষড়যন্ত্ৰৰ বিষয়ে জ্ঞাত নহয়। সেই সময়ছোৱাত হুথিয়ে গাজাৰ জনসাধাৰণৰ সৈতে একতা প্রকাশ কৰি ইজৰাইলৰ বিৰুদ্ধে মিছাইল আৰু ড্ৰ'ন আক্ৰমণ আৰম্ভ কৰিছিল।

Share This