ডিজিটেল ডেস্ক : পহলগাম কাণ্ডৰ পাছত পাকিস্তান আৰু ভাৰতৰ মাজত সম্পৰ্কৰ অধিক অবনতি ঘটিছে। এই ঘটনাক্ৰমৰ মাজতেই পাকিস্তানে দক্ষিণ এছিয়াৰ আন এখন মুছলমান প্রধান ৰাষ্ট্ৰ বাংলাদেশৰ প্রতি যথেষ্ট সদ্ভাব দেখুৱাইছে।
শেহতীয়াকৈ পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রী খাৱাজা মহম্মদ আছিফে প্রকাশ কৰিছে যে পাকিস্তানে বাংলাদেশৰ সৈতে বিভিন্ন খণ্ডত সম্পর্ক গভীৰ কৰাৰ বাবে আগ্রহী আৰু দুয়োখন দেশে অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ইচ্ছুক।
শুকুৰবাৰে বাংলাদেশৰ ৫৪ সংখ্যক বাস্ত্রীয় আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি পাকিস্তানৰ মন্ত্ৰীজনে এইদৰে কয়। ১৫ বছৰৰ পাছত ঢাকাত দুয়োখন দেশৰ মাজত বিদেশ সচিব পৰ্যায়ৰ বৈঠকৰ পাছতেই বাংলাদেশ উচ্চায়ুক্তই আয়োজন কৰা এই অনুষ্ঠানত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীজনৰ এই মন্তব্যই ভাৰতৰ বাবে বিশেষ তাৎপর্য বহন কৰিছে।