দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ নিৰাপত্তাৰ প্ৰতি শংকা সৃষ্টি কৰি ভাৰত-বিৰোধী ৰণ-কৌশল প্রস্তুত কৰিবলৈ পাকিস্তানৰ বিদেশ মন্ত্রী তথা উপ-প্রধানমন্ত্রী মহম্মদ ইশ্বাক ডাৰ দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে বাংলাদেশৰ ঢাকাত উপস্থিত হয়। ভাৰতৰ বাবে উদ্বেগৰ বিষয়টো হৈছে এইবাবেই যে এই ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে বাংলাদেশৰ কট্টৰপন্থী ইছলামিক মৌলবাদী গোট জামাত-ই-ইছলামী বাংলাদেশৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। 

এই বৈঠকতেই পাকিস্তানী নেতাজনে ইছমালিক মৌলবাদী গোটটোৰ সৈতে ভাৰত-বিৰোধী মন্ত্ৰণা কৰিব বুলি আশংকা কৰিছে ভাৰতে। ভাৰত চৰকাৰে দুই চুবুৰীয়া দেশৰ এই শেহতীয়া কার্যকলাপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি বৈদেশিক মন্ত্ৰ্যালয়ৰ সূত্ৰই সদৰী কৰিছে। ইশ্বাক ডাৰৰ এই বাংলাদেশ ভ্রমণ যোৱা মে' মাহতেই কৰাৰ কথা আছিল যদিও ভাৰতৰ সৈতে পহলগাম-কাণ্ডৰ পাছত হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই ভ্রমণ পাকিস্তান চৰকাৰে পিছুৱাই দিছিল। 

শনিবাৰে ঢাকাৰ হজৰত শাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বাংলাদেশৰ বিদেশ সচিব আছাদ আলম ছিয়ামে ইশ্বাক ডাৰক আদৰণি জনায়। এই ভ্ৰমণকালত ইশ্বাক ডাৰে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ, বিদেশ উপদেষ্টা তৌহিদ হুছেইন আৰু বাণিজ্য উপদেষ্টা এছ কে বছিৰ উদ্দিনৰ সৈতে আলোচনাত মিলিত হ'ব।

Share This