ডিজিটেল ডেস্ক : পুনৰ যুদ্ধ-বিৰতি উলংঘা কৰিলে পাকিস্তানে। যুদ্ধ-বিৰতি চলি থকাৰ সময়তে পাকিস্তানী সেনাই ভাৰতলৈ পুনৰ ড্ৰ'ন প্ৰেৰণ কৰি আক্ৰমণৰ চেষ্টা কৰে। আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত আজি জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু পাকিস্তানৰ ড্ৰ'ন দেখা পোৱা বুলি দাবী কৰা হৈছে।
ছাম্বা ছেক্টৰত পাকিস্তানৰ পৰা অহা এখন ড্র'ন ভাৰতৰ প্ৰতিৰক্ষা প্ৰণালীয়ে ভূপাতিত কৰে। বাতৰি প্ৰতিষ্ঠান এ এন আয়ে সেনাৰ সূত্ৰৰ উদ্ধৃতি দি কয় যে সোমবাৰে ছাম্বা ছেক্টৰত বিগত দিনকেইটাৰ তুলনাত যথেষ্ট কম সংখ্যক ড্র'ন দেখা যায়। কিন্তু পাকিস্তানৰ পৰা অহা সকলো ড্র'ন বিধ্বস্ত কৰা হয় আৰু চিন্তাৰ কোনো কাৰণ নাই। অৱশ্যে পাছলৈ পাকিস্তানী ড্র'ন অহাটো বন্ধ হোৱা বুলি লগতে কোৱা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ কেইঘণ্টামানৰ পাছতে সীমান্তত পাকিস্তানী ড্র'ন দেখা যায়।
ইফালে হোছিয়াৰপুৰত ৫-৭টা বিস্ফোৰণৰ শব্দ শুনাৰ পাছত ব্লেক আউট ঘোষণা কৰা হয়। হোছিয়াৰপুৰৰ উপায়ুক্তই জনোৱা মতে, কিছু সময়ৰ বাবে ব্লেক আউট ঘোষণা কৰা হয়। জলন্ধৰ আৰু অমৃতসৰতো ড্র'ন দেখা বুলি দাবী কৰা হৈছে যদিও স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰা নাই। অমৃতসৰত জিলা আয়ুক্তই নিশা ৯ বজাত হঠাতে ব্লেক আউট ঘোষণা কৰে। অমৃতসৰ বিমান বন্দৰতো ব্লেক আউট ঘোষণা কৰা হয়। ফলত দিল্লীৰ পৰা অমৃতসৰলৈ যোৱা ইণ্ডিগ' বিমান ভাটিণ্ডালৈ লৈ যোৱা হয়।