কাশ্মীৰৰ পুঞ্চত পাকিস্তানী ড্র'নে পেলালে অস্ত্র-শস্ত্র, আই ই ডি, ড্রাগছ , নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযান

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত থকা নিয়ন্ত্ৰণ ৰেখাৰ (এল অ'চি) সমীপৰ ভাৰতীয় আকাশমাৰ্গত এখন পাকিস্তানী ড্র'নে বৃহস্পতিবাৰে অনুপ্ৰৱেশ কৰে আৰু বহুতো বিস্ফোৰক সামগ্ৰী, অস্ত্র-শস্ত্ৰ আৰু ড্রাগ পেলাই থৈ যায়। এই সামগ্ৰীবোৰ প্ৰত্যক্ষ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰে। 

নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে প্রকাশ কৰা মতে, বৃহস্পতিবাৰে পুৱা ৰংগাৰ নাল্লা আৰু পুঞ্চ নদীৰ মাজত খাড়ীগাঁৱত পাকিস্তানী ড্র'নখন ভাৰতীয় আকাশমার্গত প্রৱেশ কৰে আৰু পাঁচ মিনিট সময় ভাৰতীয় এলেকাত থাকি ভূখণ্ডত সামগ্ৰীবোৰ পেলায় আৰু এল অ' চিৰ সিপাৰলৈ উভতি যায়। ইয়াৰ পাছতে সীমান্তৱৰ্তী স্পৰ্শকাতৰ জিলাখনত উত্তেজনা বৃদ্ধি পায়। 

ড্ৰ'নখনৰ গতিবিধি ধৰা পেলোৱাৰ পাছতেই ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি লয় আৰু পার্শ্বৱৰ্তী অঞ্চলত সন্ত্রাসবাদীৰ উপস্থিতিৰ সন্ধান অভিযান আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়ে এই বিষয়ত ব্যাপক অনুসন্ধান অব্যাহত ৰাখিছে।

Share This