ডিজিটেল ডেস্ক : শেহতীয়া ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ সময়ত 'সিদ্ধান্ত গ্রহণকাৰী কূটনৈতিক হস্তক্ষেপ'ৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নাম ২০২৬ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে আনুষ্ঠানিকভাৱে মনোনীত কৰিছে পাকিস্তান চৰকাৰে। শনিবাৰে এক্সত ঘোষণাটো পাকিস্তান চৰকাৰে এই শিৰোনামেৰে দিলে : '২০২৬ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নাম মনোনীত কৰিছে পাকিস্তান চৰকাৰে'।
উল্লেখযোগ্য যে হোৱাইট হাউছত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে 'লান্স' বৈঠকত পাকিস্তানী সেনাৰ মুৰব্বী আছিম মুনিৰে অংশ লোৱাৰ তিনি দিন পাছতেই পাকিস্তানে এই বিশেষ ঘোষণা কৰে। পহলগাম-কাণ্ডৰ পাছত সৃষ্টি হোৱা ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে ট্রাম্পে বাৰে বাৰে কৃতিত্ব দাবী কৰাৰ পাছত পাকিস্তানে মার্কিন ৰাষ্ট্রপতিজনক এই সম্মান প্রদান কৰে। আনহাতে, ভাৰতে পাকিস্তানৰে যুদ্ধ-বিৰতিৰ ক্ষেত্ৰত কোনো তৃতীয় শক্তিৰ হাত নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। ইফালে, দেশখনৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ পাকিস্তানী জনসাধাৰণ ক্ষোভত ফাটি পৰিছে।
গাজাৰ গণহত্যাত ইজৰাইলৰ পক্ষ লোৱা আৰু শেহতীয়া ইৰান-ইজৰাইল যুদ্ধত ইৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক পাকিস্তানে এই সন্মান দিয়াক লৈ দেশখনৰ জনসাধাৰণৰ মাজত তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, শেহতীয়াকৈ ৰাষ্ট্ৰপতি ট্রাম্পে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ পৰিৱৰ্তে দেশখনৰ বিতর্কিত ফিল্ড মাৰ্শ্বাল আছিম মুনিৰৰ সৈতে ৰুদ্ধাৰ 'লান্স' বৈঠকত মিলিত হোৱাক লৈ দেশখনত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই 'লান্স বৈঠক'তে ৰাষ্ট্ৰপতি ট্রাম্পে পাকিস্তানক সামাৰিক সাহায্য দিয়াৰ টোপ দিছিল।