ডিজিটেল ডেস্ক : আফগানিস্তানৰ বিদেশ মন্ত্রী আমীৰ খান মুট্টাকিয়ে ভাৰত ভ্ৰমণ কৰি থকাৰ সময়তে পাকিস্তানে কাবুলত এয়াৰষ্ট্রাইক কৰে। পাকিস্তানে কৰা দাবী অনুসৰি বৃহস্পতিবাৰে নিশা দেশখনৰ বায়ু সেনাই কাবুলৰ কেইবাটাও স্থানত বিমানেৰে টেহৰিক-এ-তালিবান পাকিস্তানৰ (টি টি পি) ঘাটিত আক্রমণ কৰে। দেশখনৰ বায়ু সেনাই কৰা আক্ৰমণত টি টি পিৰ মুৰব্বী মুটি নূৰ বলী মেহঠছুদ নিহত হয়। আনহাতে, আফগানিস্তান সীমান্তত পাকিস্তানী সেনাৰ সৈতে হোৱা সংঘৰ্ষত টি টি পিৰ ৩০টা উগ্রপন্থী নিহত হয়। আফগানিস্তানৰ বাতৰি প্রতিষ্ঠান এ এম ইউ নিউজে প্রকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা আফগানিস্তানৰ ৰাজধানী কাবুলৰ কেইবাটাও স্থানত প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছিল। বিস্ফোৰণ বিমানেৰে কৰা আক্ৰমণৰ দৰে আছিল।
স্থানীয় লোকৰ মতে, কাবুলৰ আব্দুল হক স্কোৱাৰত পাকিস্তানী বায়ু সেনাই আক্রমণ কৰে। পাকিস্তানী সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, বৃহস্পতিবাৰে নিশা কাবুলৰ কেইবাটাও স্থানত পাকিস্তানী বায়ু সেনাই আক্রমণ কৰে। সেই সময়ত টি টি পিৰ মুৰবী মেহছুদ পূব কাবুলৰ এটা স্থানত আছিল। পাকিস্তানী বায়ু সেনাই তেওঁৰ গাড়ী আৰু অতিথিশালাত লক্ষ্য কৰি আক্ৰমণ কৰে। ইফালে, আফগানিস্তানৰ তালিবান চৰকাৰৰ মুখপাত্র জবীল্লা মুজাহিদে জনোৱা মতে, বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। টল' নিউজে প্রকাশ কৰা মতে, মেহছুদে এটা ভিডিঅ'ৰ জৰিয়তে এই কথা নিশ্চিত কৰে যে তেওঁক কোনেও আক্ৰমণ কৰা নাই। ইফালে, পাকিস্তানী সেনাই দাবী কৰা মতে, কালি দেশখনৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশৰ আফগান সীমান্তৰ অৰাকজাইত চলোৱা অভিযানত টি টি পিৰ ৩০টা সন্ত্রাসবাদীও নিহত হয়। এই সন্ত্রাসবাদীকেইটা যোৱা সোমবাৰে ১১জন পাকিস্তানী সেনাক হত্যাৰ কৰাৰ ঘটনাৰ সৈতে জড়িত। পাকিস্তানী সেনাই দাবী কৰা মতে, হত্যা কৰা সন্ত্রাসবাদীকেইটাক ভাৰতে সমর্থন জনাই ছিল। সিহঁতে ভাৰতৰ সহযোগত আফগানিস্তানৰ পৰা পাকিস্তানত আক্ৰমণৰ ষড়যন্ত্র কৰিছিল।
ইফালে, আফগানিস্তানৰ বিদেশ মন্ত্রী মুত্তাকীয়ে কালি বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈেেত আলোচনা কৰে। আলোচনাৰ সময়ত কাবুলত থকা কাৰিকৰী মিছনক দূতাৱাসৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে ভাবতে আফগানিস্তানৰ স্বাস্থ্য, দুর্যোগ ব্যৱস্থাপনা আৰু পুনৰ নিৰ্মাণৰ কাৰ্যত সহযোগ কৰাৰ প্রতিশ্রুতি দিয়ে। ভাৰতে আফগানিস্তানক কেইবাবিধো চিকিৎসা সামগ্রীও উপহাৰ দিয়ে। আনহাতে, মুত্তাকীয়ে এই বুলি প্রতিশ্রুতি দিয়ে যে আফগানিস্তানে নিজৰ ভূমিক ভাৰত-বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিয়ে। তেওঁলোকে আইছিছক এই অঞ্চলটোৰ বাবে প্রধান প্রত্যাহ্বান বুলিও কয়। জয়শংকৰে তেওঁক কয়, 'আপোনাৰ যাত্ৰা আমাৰ সম্পর্ক আগবঢ়াই নিয়াত আৰু ভাৰত-আফগানিস্তান স্থায়ী বন্ধুত্ব নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ।'