ডিজিটেল ডেস্ক : পাক-ভাৰতৰ যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছতেই পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে লজ্জাজনকভাৱে ঘোষণা কৰে যে এয়া হৈছে পাকিস্তানৰ বাবে 'এক ঐতিহাসিক বিজয়'। ভাৰতৰ ভয়ংকৰ প্রত্যাক্রমণৰ পাছত দেশখনৰ বিভিন্ন সামৰিক ঘাটি বিধ্বস্ত হোৱাৰ পাছতো পাকিজ্ঞানৰ ব্যর্থ প্রধানমন্ত্রীজনে দেশখনৰ সামৰিক বাহিনীক উচচ প্রশংসা কৰে।
শ্বৰীফে কয় যে ভাৰতৰ আগ্রাসনক যোগ্য প্রত্যুত্তৰ দিয়া পাকিস্তানৰ সামৰিক বাহিনীৰ 'পেছাদাৰী আৰু ফলপ্ৰসু' কার্যকুশলতা প্রশংসাৰ যোগ্য। প্রধানমন্ত্রী শ্বৰীফে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পহলগাম-কাণ্ডৰ অচিলা লৈ দেশখনে পাকিস্তানত আক্রমণ সংঘটিত কৰিলে। ৰাষ্ট্ৰখনৰ গৌৰৱৰ বিষয়ে বক্তৃতাৰ ফুলজাৰি মাৰি পাক প্রধানমন্ত্রীজনে কয় যে ঘৃণা, আগ্রাসন আৰু ধর্মীয় গোড়ামিৰ বিৰুদ্ধে দেশখনে সহযোগিতাৰে কাম কৰি আছে। যুদ্ধ-বিৰতি ঘোষণা কৰাটোৱে তেওঁলোকৰ নীতি আৰু আদৰ্শৰ বিজয় চিহ্নিত কৰিছে বুলি পাক প্রধানমন্ত্রীজনে কয়। এখন সন্মানীয় দেশ হিচাপেই তেওঁলোকে শত্ৰুৰ বিৰুদ্ধে আচৰণ কৰিছে বুলি শ্বৰীফে দাবী কৰে।
আনহাতে, প্রধানমন্ত্রী শ্বৰীফে কয় যে এই বিজয় কেৱল পাকিস্তানৰ সামৰিক বাহিনীৰ বিজয়েই নহয়, এই বিজয় সাব্যস্ত কৰিছে সমগ্র দেশৰ লোকসকলে। প্রধানমন্ত্রী শ্বৰীফে টেলিভিছনযোগে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত এইটো প্রতিফলিত কৰিব খুজিছে যে ইছলামাবাদৰ দ্বাৰা সূচনা কৰা এই যুদ্ধ-বিৰতি কূটনৈতিক বুজাপৰাৰ মাধ্যমেৰে হোৱা নাই। এই যুদ্ধ-বিৰতি পাকিস্তানৰ তথাকথিত সামৰিক বাহিনীৰ শক্তিৰ বলতহে হৈছে। শ্বৰীফে দাম্ভিকভৰা কণ্ঠেৰে কয় যে তেওঁলোকে ভাৰতক এনে ভাষাৰে বুজাব খুজিছে যে যিটো ভাৰতে ভালদৰেই বুজি পায়। যুদ্ধ-বিৰতি চুক্তিখনে পাকিস্তানক এখন 'আত্মসন্মান থকা আৰু উন্নত ৰাষ্ট্ৰ'ৰ প্ৰমাণ হিচাপে পৰিগণিত কৰিলে- শ্বৰীফে দাবী কৰে।