বন্দী অৱস্থাত ভিডিঅ'যোগে প্রাণভিক্ষা অসহায় পাক সেনাৰ, বেলুচ যুঁজাৰুৰ আক্ৰমণত বিধ্বস্ত পাকিস্তান

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : পাকিস্তানত চলি থকা গৃহযুদ্ধত দেশখনৰ সেনাৰ অৱস্থা তথৈৱচ হৈ পৰিছে। বিদ্রোহী সংগঠন বৈলুচিস্তান লিবাৰেশ্যন আর্মি (বি এল এ)ৰ হাতত বন্দী পাক সামৰিক বাহিনীৰ একাংশ বিষয়া জোৱানে বিদ্রোহীৰ ওচৰত হাতযোৰ কৰি প্রাণভিক্ষা কৰিব লগাটোৱে দেশখনত সেনাৰ ক্ষমতা কিমান সেয়া প্রকাশ কৰিছে। বিদ্রোহী সংগঠন বি এল এই শেহতীয়াকৈ প্রকাশ কৰা এটা ভিডিঅ'ই পাকিস্তানৰ লগতে বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰিছে। 

স্বাধীন বেলুচিস্তানৰ দাবীত দীর্ঘদিনে মুক্তি সংগ্রাম চলাই অহা বি এল এই প্ৰকাশ কৰা ভিডিঅ'টোত বৃহৎসংখ্যক পাকিস্তানী সেনাৰ বিষয়া- জোৱানে প্রাণভিক্ষা কৰাৰ লগতে তেওঁলোকক সহায় কৰাৰ বাবে আৰু সুকলমে ঘূৰাই নিয়াৰ বাবে দেশখনৰ চৰকাৰক আহ্বান জনাইছে। বি এল এৰ সংবাদ কোষ হাক্কাল মিডিয়াই প্রকাশ কৰা ভিডিঅ'ত দেখা গৈছে যে দুর্গম স্থানৰ ভূখণ্ডত আঁঠুকাঢ়ি পাকিস্তানৰ সেনাৰ ইউনিফর্ম (সমসাজ) পৰিহিত লোককেইজনে পাকিস্তানী সেনাৰ বুলি পৰিচয় দিয়াৰ লগতে কয় যে পাকিস্তানৰ হৈ যুদ্ধত অংশ লোৱাৰ পাছতো তেওঁলোকক সেনাই একাষৰীয়া কৰিলে। 

বি এল এই দাবী কৰিছে, তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে গ্রহণ কৰা 'অপাৰেশ্যন হেৰোফ ২.০'ৰ সময়তে এই সেনা জোৱানসকলক বন্দী কৰা হৈছিল।

Share This