নতুন বাবৰি মচজিদ নিৰ্মাণ কৰি প্ৰথম টুকুৰা ইটা দিব পাক সেনাৰ জোৱানে

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্কঃ পহলগাম কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম সীমা পোৱাৰ পিছতো সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ইছলামাবাদ শান্ত হোৱা নাই। নতুন দিল্লীক যুদ্ধৰ বাবে উচতোৱাৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই দেশখনৰ আইন-প্রণয়নকাৰীসকলে। 

পাকিস্তানৰ সাংসদ পলবাশ্বা মহম্মদ জেই খানে শেহতীয়াকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য 'দি পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে। সাংসদ গৰাকীয়ে কৈছে যে অযোধ্যাত অতি সোনকালে পাকিস্তানী সেনাৰ জোৱানসকলে নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব আৰু সেই নতুন মছজিদৰ নিৰ্মাণ কাৰ্যৰ প্ৰথম টুকুৰা ইটা পাকিস্তানী সেনাই দিব। আৰু পাকিস্তানী সেনীৰ মূৰব্বী আছীম মুনীৰে নৱনির্মিত মছজিদত প্রথমটো আজান দিব। পাকিস্তানী সাংসদজনৰ এই মন্তব্যই সমগ্ৰ ভাৰততে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Share This