২০ বছৰৰ মূৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে পেলেষ্টাইনীয়ে, গাজাত যুদ্ধৰ পাছত প্রথমটো নির্বাচন

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক : গাজাত যুদ্ধৰ পাছত দুটা দশকতকৈ অধিক সময়ৰ মূৰত ইজৰাইল-অধিকৃত ৱেষ্ট বেংকত শনিবাৰে প্ৰথমবাৰৰ বাবে নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত প্রায় ১০ সহস্রাধিক পেলেষ্টাইনীয়ে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। গাজা আৰু ৱেষ্ট বেংকৰ মাজত ৰাজনৈতিকভাৱে সংযোগ অনাৰ প্রচেষ্টাত পেলেষ্টাইনৰ কৰ্তৃপক্ষই এই নির্বাচন অনুষ্ঠিত কৰিছে। 

আনহাতে, মধ্য গাজাৰ ডেইৰ-আল-বালাহ চহৰত এই নির্বাচন প্রতীকীগতভাৱে 'প্ৰাৰম্ভিক' নির্বাচন হোৱাহে পৰিলক্ষিত হয়। পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছে কয় যে গাজাত হামাছৰ শাসনৰ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ নেতৃত্বত চলা এইটো যুদ্ধোত্তৰ পৰিকল্পনা। তেওঁ কয় যে দুয়োটা অঞ্চলতে এখনকৈ স্বতন্ত্র প্রদেশ গঠন হ'ব। ৱেষ্ট বেংকৰ চহৰসমূহৰ লগতে মধ্য গাজাৰ বিভিন্ন অঞ্চলত এই পৌৰ নিগমৰ নির্বাচন শনিবাৰে সুকলমে সমাপন হয়। 

মিউনিচিপাল চৰকাৰ গঠনৰ বাবে হোৱা এই নির্বাচনত ৭০ সহস্রাধিক উপযুক্ত ভোটাৰ আছিল যদিও মধ্য গাজাত ভোটদানৰ হাৰ সেৰেঙা আছিল। ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰসকলে আশা কৰিছে যে স্থানীয় পৌৰ পৰিষদে অঞ্চলকেইটাত বিধ্বস্ত ৰূপত থকা পানী যোগান, পথ, বিদ্যুৎ আৰু আন্তঃগাঁথনিক নতুন আকাৰ দিব।

Share This