আজি মুঠ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

Kakali Deka May 07, 2025

ডিজিটেল ডেস্কঃ আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ ভিৰ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া ৪-৩০ বজাত অন্ত পৰিব।

দ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাকেইখন হ'ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। 

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুঠ প্রার্থী হ'ল ১,২৮৯ গৰাকী। ইয়াৰ ভিতৰত জিলা পৰিষদৰ সদস্য পদত ২১ গৰাকী, আঞ্চলিক পঞ্চায়তত ১৫১ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১,১১৭ গৰাকী। 
 
দ্বিতীয় পর্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত জিলা পৰিষদৰ সমষ্টি হ'ল ১৮১ টা, আঞ্চলিক পঞ্চায়তৰ সমষ্টি ৮৭ টা আৰু গাঁও পঞ্চায়তৰ সমষ্টি হ'ল ১০,৫৩০ টা।

সৰ্বমুঠ ভোটাৰ হ'ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল ৪৬ লাখ ৩০ হাজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ'ল ৪৪ লাখ ৯৯ হাজাৰ ৯৫২ গৰাকী। 
 
ইয়াত মুঠ ভোটগ্রহণ কেন্দ্র হ'ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত ২,৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যৰ পদত ২৬,৭২৫ গৰাকী প্রার্থীয়ে প্রার্থিত্ব আগবঢ়াইছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This