গোৱালপাৰাত স্বাস্থ্য শিবিৰত গুণ্ডাগিৰি কৰি আঁঠুকাঢ়ি, কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে

dainik janambhumi July 03, 2025

ডিজিটেল ডেস্ক : গোৱালপাৰা চহৰৰ সাংস্কৃতিক ক্ষেত্র 'বিহু ফিল্ড' বাকৰিত বুধবাৰে পংকজ পাঠক নামৰ ভণ্ড কবিৰাজজনৰ শিবিৰত সংঘটিত এটা ঘটনাই কবিৰাজজনৰ স্বৰূপ উদঙাই দিয়াই নহয় গুণ্ডাগিৰিৰ চৰম পৰ্যায়ৰ স্বাক্ষৰ বহন কৰিলে। ন-ন আৱিষ্কাৰেৰে ৰাইজক মুগ্ধ কৰা পংকজ পাঠকে কালি তেওঁৰ শেহতীয়া আৱিষ্কাৰ টপাসকলৰ মূৰত চুলি গজোৱাৰ এটা শিবিৰ অনুষ্ঠিত কৰে। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা শিবিৰত বিহু ফিল্ডৰ স্থানীয় যুৱকৰ দলটোৱে শিবিৰ পৰিচালনাত সহায় কৰিবলৈ আগবাঢ়ি আহে। শিবিৰত চুলিবিহীন পুৰুষৰ সৈতে মহিলায়ো অংশ লয়। এগৰাকী মহিলাই বিচৰা চিকিৎসাত পংকজ বাহিনীয়ে কোনো গুৰুত্ব নিদি দিনৰ ১২-৩০ মান বজালৈ অযথা বিলম্ব কৰি বহুৱাই ৰাখে। অতিষ্ঠ হৈ মহিলাগৰাকীয়ে চিকিৎসাৰ বিধি বিচাৰি কাকৃতি কৰাৰ পাছত পংকজৰ সতীৰ্থই মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰে। 

এই দৃশ্য দেখা পাই বিহু ফিল্ড নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ-সাংস্কৃতিক কর্মী তপন চক্ৰৱৰ্তীয়ে প্ৰতিবাদ কৰাত পংকজৰ সতীর্থই তপন চক্রবর্তীৰ সৈতে তৰ্কত লিপ্ত হৈ পৰিস্থিতি ক্রমে উত্তপ্ত কৰি তোলে। এনে পৰিস্থিতিত পংকজ পাঠকে চক্রৱর্তীক অশ্রাব্য-অমার্জিত শব্দ ব্যৱহাৰ কৰি আক্ৰমণ কৰে। পংকজৰ গুণ্ডা বাহিনীয়ে আনকি তপন চক্ৰৱৰ্তীৰ ওপৰত জঁপিয়াই পৰি উপর্যুপৰি প্ৰহাৰ কৰে। লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এক ভয়াৱহ ৰূপ ধাৰণ কৰে। তপন চক্ৰৱৰ্তীক লগে লগে চিকিৎসাধীন কৰা হয় আৰু চকুৰ তলত তিনিটা চিলাই দিবলগীয়া হয়। ইয়াৰ পাছতে ঘটনাস্থলীত পংকজ পাঠকক ৰাইজে আবদ্ধ কৰে আৰু ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিবলৈ দাবী জনায়। 

এই ঘটনা ঘটাৰ লগে লগে সামাজিক মাধ্যমত গোৱালপৰীয়াক বদনাম জাপি 'প'ষ্ট' দিয়াক লৈও আন এক উত্তেজনা সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীর্ষ বিষয়াসহ এগৰাকী দণ্ডাধীশ উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্রণাধীন হয়। ৰাইজৰ ঘোৰ প্ৰতিবাদত সেও মানি পংকজ পাঠকে আঁঠু কাঢ়ি কাণত ধৰি সকলো দোষ মূৰ পাতি লৈ ৰাইজক ক্ষমা বিচাৰে। লগতে আহত তপন চক্ৰৱৰ্তীৰ ভৰিত ধৰি পংকজ পাঠকে ক্ষমা বিচাৰে। পাছত আৰক্ষীয়ে পংকজ বাহিনীক উদ্ধাৰ কৰি লৈ যোৱাত পৰিস্থিতি শান্ত হয়। আনহাতে, পংকজ পাঠকৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে স্থানীয় বিহু ফিল্ডৰ যুৱকসকলে গোচৰ তৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে।

Share This