ডিজিটেল ডেস্ক : বিজেপিয়ে বি টি চিক এ টি এমৰ দৰে ব্যৱহাৰ কৰি ইয়াৰ টকা লুটি-পুতি খাইছে। ইয়াৰ হিচাপ কোনে দিব, কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু বি টি চিত বিজেপিয়ে মিলি শাসন চলোৱা সত্ত্বেও বোলে উন্নয়ন হোৱা নাই। এই কথা কোনে মানি ল'ব। এই মন্তব্য প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। তেওঁ আৰু কয় যে মই নাচিলেও আপুনি আপত্তি কৰে, আপুনি আৰামত থাককচোন, ইমান টেনছন কিয় লৈছে। বি পি হাই হৈ যাব। ভয় কৰিব নালাগে। ৰাইজে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত আপোনালোকে সলনি কৰিব নোৱাৰে।
তেওঁ আৰু কয় যে ২০২৬ চনত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক এইদৰে শীতল ভাষাৰে কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰ্বতঝোৰাৰ পৰিষদীয় সমষ্টিৰ দেৱীতোলা হাইস্কুলৰ খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত কংগ্ৰেছ দলৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীক উদ্দেশ্যি কয়- আপুনি আহক, এখন সাংস্কৃতিক মঞ্চত আপুনিও নাচিব ময়ো নাচিম, দুজনে একেলগে নাচিম। মই নাচিলে আপুনি কষ্ট পাব নালাগে। তেওঁ আৰু কয়- ১০ ছেপ্টেম্বৰ তাৰিখত কি হ'ব সাংবাদিকে শুনিছিল, আমিও বহুত আশা কৰি আছিলোঁ, কি বোমা ফুটিব। কিন্তু নিশা ফুচ শব্দ এটা শুনা পালোঁ, বোমা নুফুটিল।
তেওঁ মুখ্যমন্ত্রীক সমালোচনা কৰি লগতে কয়, মিছলীয়া ৰাজনীতি ৰাইজে বিচৰা নাই, এনেকুৱা মুখ্যমন্ত্রী আমাক নালাগে। তেওঁ যথেষ্ট ধন-সম্পত্তি অৰ্জন কৰিছে, তেওঁ ৰাইজক সেৱা কৰিবলৈ অহা নাই, ৰাইজে ৰজা বিচৰা নাই ৰাইজে সেৱক বিচাৰে। এইদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰে। সভাত সাংসদ ৰকিবুল হুছেইন বিধায়ক ৱাজেদ আলী আদিকে ধৰি কংগ্ৰেছ দলৰ বহু নেতা-কর্মী উপস্থিত থাকে।