ডিজিটেল ডেস্ক : বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তর্গত বিভিন্ন ঠাইত বিভিন্ন ৰাজনৈতিক দলে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰাৰ সময়তে যোৱা নিশা অঞ্চলটোৰ ডুলিগাঁৱত থকা বিজেপি দলৰ এটা নির্বাচনী কার্যালয়ত অগ্নিসংযোগ কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্রাপ্ত বাতৰি মতে, অচিনাক্ত দুর্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বিজেপি দলৰ কার্যালয়টো বহুলাংশে ভস্মীভূত হয়। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বাবে বিজেপিৰ পৰা কালি অঞ্চলটোত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে স্থানীয় বিজেপিৰ কৰ্মকর্তাসকলৰ সহযোগত কার্যালয়টো স্থাপন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।
কিন্তু দেওবাৰে পুৱা উক্ত কার্যালয়টো অগ্নিসংযোগৰ ফলত ভস্মীভূত হোৱা ৰূপ দেখি স্থানীয় বিজেপিৰ কৰ্মকর্তাসকল ক্ষুব্ধ হৈ পৰে। পাছত বিজেপিৰ কার্যালয়ত অচিনাক্ত দুর্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰা ঘটনা সন্দৰ্ভত কালি পৰ্বতঝোৰা আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ ফলত পৰ্বতঝোৰা মহকুমা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত পৰ্বতঝোৰা আৰক্ষী প্রশাসনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আনহাতে এই ঘটনাৰ খবৰ পাই পৰ্বতঝোৰা বিজেপিৰ কৰ্মকর্তাসকলে ঘটনাস্থলীত উপস্থিত হৈ খেদ প্রকাশ কৰি কয় যে বিটি আৰ অঞ্চলৰ লগতে পৰ্বতঝোৰা পৰিষদীয় অঞ্চলত বিজেপিৰ জনপ্রিয়তা ৰাইজৰ মাজত দিনক দিনে বৃদ্ধি পোৱাৰ বাবেহে কোনো অপশক্তিয়ে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছে।
আনহাতে এই অগ্নিসংযোগৰ ঘটনা সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে। নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰি কয় যে বিগত সময়ত পর্বতঝোৰা সকলো দিশতে অনগ্ৰসৰ হিচাপে থকাৰ পাছত বিজেপি দল বি টি আৰৰ ক্ষমতাত আহিলে তথা পর্বতঝোৰাৰ পৰা জয়যুক্ত হ'লে অঞ্চলটো সকলো দিশতে উন্নয়নৰ নতুন দিশ দেখিব বুলি ৰাইজে বিজেপিক ভাল পাবলৈ আৰম্ভ কৰিছে। ৰাইজৰ এনে আগ্রহ দেখি কোনোবাই পৰিকল্পিতভাৱে এনেধৰণৰ দুষ্কাৰ্য কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।