অসমৰ পাৰ্থিৱৰ স্থান লাভ 

dainik janambhumi May 23, 2025

ডিজিটেল ডেস্ক : অহা মাহত তাজিকিস্তানৰ ডুশ্বানবেত খেলিবলগীয়া প্রীতি আন্তর্জাতিক ফুটবলৰ বাবে ভাৰতৰ সম্ভাব্য অনূর্ধ্ব-২৩ দলটো বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে। ২৯জনীয়া সম্ভাব্য দলত স্থান পাইছে অসমৰ পাৰ্থিৱ সুন্দৰ গগৈয়ে। 

ভাৰতৰ অনূর্ধ্ব-২৩ দলে অহা ১৮ আৰু ২১ জুনত ক্ৰমে তাজিকিস্তানৰ অনূর্ধ্ব-২৩ আৰু কিৰ্গীজ ৰিপাব্লিক অনূর্ধ্ব-২৩ দলৰ বিৰুদ্ধে দুখন মেচ খেলিব। কলকাতাত অহা ১ জুনত শিবিৰত মিলিত হ'ব সম্ভাব্য ভাৰতীয় দলটো আৰু তাত অনুশীলনত ব্যস্ত হ'ব। অহা ১৬ জুনত ডুশ্বনবে অভিমুখে ৰাওনা হ'ব ভাৰতীয় দলটো।

Share This