ডিজিটেল ডেস্ক : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰালৈ পুনৰ অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে চমন জাৰি কৰিছে। সেই অনুসৰি অহা ৩ জুলাইত আকৌ ক্রাইম ব্রাঞ্চত উপস্থিত হ'ব লাগিব পৱন খেৰা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা গোচৰৰ তদন্তৰ বাবে তেওঁক ক্রাইম ব্রাঞ্চত হাজিৰ হ'বলৈ নির্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে নির্বাচনৰ প্রাকমুহূৰ্তত পৱন খেৰাই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে ৰিণিকি ভূঞা শৰ্মাই এই অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰি খেৰাৰ বিৰুদ্ধে মানহানি, প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গুৱাহাটীৰ ক্রাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতেই ক্রাইম ব্রাঞ্চে পূর্বেও খেৰাক সোধা-পোছা কৰিছিল।