ডিজিটেল ডেস্ক : দীর্ঘদিনীয়া অপেক্ষাৰ অন্তত কালি ছুইজাৰলেণ্ডত ইৰান আৰু আমেৰিকাৰ শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি দল শান্তি আলোচনাত বহিছিল যদিও লেবাননত হোৱা আক্রমণক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্র মতভেদ হোৱাত আপাততঃ আলোচনা ব্যর্থ হয়। ফলত ক্ষুব্ধ ইৰানী প্রতিনিধি দলে আলোচনা ত্যাগ কৰে।
উল্লেখযোগ্য যে দুয়ো ৰাষ্ট্ৰই ডিজিটেল আৰু হস্তাক্ষৰ কৰিছিল যদিও লেবাননত হোৱা উপর্যুপৰি আক্ৰমণৰ বাবে ইৰানে এই সিদ্ধান্ত লয়। আনহাতে ইয়াৰ পূৰ্বে হৰমুজ প্রণালীক লৈ দুয়োপক্ষই দিয়া পৰস্পৰ বিৰোধী মন্তব্যই বিশ্বৰ বাবে পুনৰ শংকাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইৰানে এই বুলি দাবী কৰিছে যে ইজৰাইলে লেবাননত কৰি থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্রণালী পুনৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ বিপৰীতে মার্কিন সেনাই ইৰানৰ দাবী অগ্রাহ্য কৰি কয় যে হৰমুজ প্রণালীৰে বাণিজ্যিক জাহাজৰ চলাচল অব্যাহত আছে। দুয়োপক্ষই দিয়া এনে ধৰণৰ পৰস্পৰ বিৰোধী মন্তব্যই বিশ্বৰ উদ্বেগ পুনৰ বৃদ্ধি কৰিছে। কিয়নো খাৰুৱা তেলৰ লগতে প্রাকৃতিক গেছ তথা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে হৰমুজ প্রণালী গুৰুত্বপূর্ণ। এই সামুদ্রিক পথ পুনৰ বন্ধ হৈ পৰিলে বা পুনৰ বিবাদৰ সৃষ্টি হ'লে বিশ্বলৈ প্ৰধানকৈ খাৰুৱা তেল আৰু গেছৰ প্ৰৱাহ বন্ধ হৈ পৰিব আৰু তেতিয়া পুনৰ সংকটৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।
ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানৰ মতে ৰিভলিউশ্যনেৰী গার্ড ক'ৰৰ (আই আৰ জি চি) খাতম-আল-আনবিয়া কেন্দ্রীয় মুখ্য কার্যালয়ে এইবুলি ঘোষণা কৰিছে যে হৰমুজ প্রণালীত জাহাজৰ চলাচল বন্ধ কৰিবলৈ লোৱা হৈছে। দক্ষিণ লেবাননত ইজৰাইলী সেনাৰ আক্ৰমণৰ প্ৰতিবাদত এই সিদ্ধান্ত লোৱা হৈছে। আই আৰ জি চিয়ে লগতে এই বুলিও সতৰ্ক কৰি দিয়ে যে লেবাননত পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আই আৰ জি চিয়ে ইতিমধ্যে হৰমুজ প্রণালীৰে জাহাজৰ চলাচল নকৰিবলৈ সতর্কবাণী শুনাইছে।
আই আৰ জি চিয়ে কয় যে যদি কোনো জাহাজে এই সতর্কবাণী নামানি প্রণালীটো পাৰ হোৱাৰ চেষ্টা কৰে, তেতিয়া জাহাজৰ সুৰক্ষাৰ কোনো গেৰাণ্টি নাথাকিব। ইয়াৰ বিপৰীতে আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে এটা বিবৃতিত কয় যে হৰমুজ প্রণালীৰে জাহাজৰ চলাচল স্বাভাৱিক অৱস্থাত চলি আছে। মার্কিন সেনাৰ মতে, ইৰানে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথছোৱা নিয়ন্ত্ৰণ কৰি ৰখা নাই আৰু জাহাজৰ পৰিবহণত স্বতন্ত্রতা অব্যাহত আছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানক পুনৰ ভাবুকি দি কয় যে যদিহে হৰমুজ প্রণালী বন্ধ কৰি দিয়া হয়, তেতিয়া দেশখনৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি হ'ব। ট্রাম্পে কঠোৰ ভাষাত ইৰনক সতৰ্ক কৰি দি কয়, 'আপোনালোকে ইয়াক বন্ধ কৰিলে আপোনালোকৰ দেশৰ চিন-মোকাম নাথাকিব। আপোনালোক নিজৰ দেশলৈ উভতিও যাব নোৱাৰিব।' ট্রাম্পে লগতে এই বুলিও কয় যে প্রয়োজন সাপেক্ষে আমেৰিকাই হৰমুজ প্রণালীৰ সম্পূৰ্ণ নিয়ন্ত্রণ নিজৰ হাতলৈ নিব। তেওঁ কেবিনেটৰ এখন বৈঠকত কয়, 'প্রয়োজন সাপেক্ষে আমি হৰমুজ প্রণালী দখল কৰিম। যদি তেওঁলোকে চুক্তি নকৰে, তেতিয়া আমি প্রয়োজন সাপেক্ষে হৰমুজ প্রণালী আমাৰ নিয়ন্ত্রণলৈ আনিম আৰু এই সাগৰীয় পথেৰে পাৰ হোৱা জাহাজৰ পৰা টোল আদায় কৰিম। তেওঁ কয় যে সমগ্ৰ অঞ্চলটোৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আমেৰিকা হৰমুজ প্রণালীৰ ৰক্ষক হৈ পৰিব পাৰে। ইয়াৰ বিনিময়ত আমেৰিকাই এই প্রণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজৰ পৰা তাত থকা তেলৰ হিচাপত ২০% শুল্ক আদায় কৰিব।
ইফালে, লেবাননত হিজবুল্লাৰ কাৰ্যকলাপ নিয়ন্ত্রণ কৰিবলৈ ট্রাম্পে ইৰানক পৰামৰ্শ দিয়ে। ট্রাম্পে কয় যে ইৰানে হিজবুল্লাক নিয়ন্ত্রণ নকৰিলে দেশখনত শেষৰবাৰ কৰাতকৈও ভয়াৱহ আক্ৰমণ কৰা হ'ব। মন কৰিবলগীয়া যে হৰমুজ প্রণালীৰে তিনিখন টেংকাৰ পাৰ হৈ ভাৰত অভিমুখে আগবাঢ়িছে। এই টেংকাৰ তিনিখনত ৮.৬ লাখ মেট্রিক টনতকৈ অধিক খাৰুৱা তেল আছে। ইয়াত ৯৪জন ভাৰতীয় নাৱিক আছে। ইফালে, আই আৰ জি চিয়ে হৰমুজ প্রণালী বন্ধ ঘোষণা কৰাৰ পাছতে পাৰস্য উপসাগৰীয় দেশসমূহৰ শ্বেয়াৰ বজাৰত সূচকাংকৰ পতন দেখিবলৈ পোৱা যায়।