ডিজিটেল ডেস্ক : বেইজিঙৰ প্ৰতিৰক্ষা পদ্ধতিৰ বিষয়ত আমেৰিকাই অপপ্ৰচাৰ চলাইছে বুলি বৃহস্পতিবাৰে চীনে অভিযোগ কৰে। ৱাশ্বিংটনে চীন-ভাৰতৰ বৰ্ধিত দ্বিপাক্ষিক সম্পর্কত হস্তক্ষেপ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি চীনে অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে প্রকাশ কৰা এখন প্রতিবেদনত উল্লেখ কৰা হৈছে যে চীনে ভাৰতৰ অৰুণাচল আৰু টাইৱানক সামৰি এখন বৃহত্তৰ চীন গঢ় দিয়াৰ পৰিকল্পনা কৰিছে।
চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙে ভাৰতৰ অৰুণাচলকো সামৰি বৃহত্তৰ চীন গঢ়াৰ সপোন দেখিছে বুলি পেন্টাগনৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল। ইফালে, পেন্টাগনৰ এই অভিযোগৰ পাছতেই আজি চীনক বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে আমেৰিকাৰ অভিযোগক অস্বীকাৰ কৰে।
ভাৰত আৰু চীনৰ মাজত শেহতীয়াকৈ কূটনৈতিক সম্পৰ্ক উন্নত হোৱাৰ সময়তে মার্কিন প্ৰতিৰক্ষা বিভাগে এনেধৰণৰ অপপ্ৰচাৰ চলাই ক্ৰমাৎ বেয়াৰ ফাললৈ যোৱা ভাৰত-আমেৰিকাৰ সম্পৰ্ক উন্নত কৰাৰ কৌশল ৰচিছে বুলি চীনা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰজনে কয়। বহু দিনে অচলাৱস্থাত থকা ভাৰত-চীনৰ সীমা বিবাদ এতিয়া মীমাংসাৰ দিশলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত তৃতীয় পক্ষৰ হস্তক্ষেপক চীনে বিৰোধিতা কৰে বুলি লিন জিয়ানে কয়।