ডিজিটেল ডেস্ক: বাৰিষা-খৰালি ৰাইজৰ মাথোঁ এক হাহাকাৰ অৱস্থা। বাৰিষা বোকা-পানী, নৌকা আৰু খৰালি খলা-বমা পথেই একমাত্ৰ ভৰসা লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ অন্তর্গত পানীগাঁও পঞ্চায়তৰ বৃহত্তৰ মুদৈবিল অঞ্চলৰ ৰাইজৰ।
চৰকাৰৰ তথাকথিত উন্নয়ন ব্যৱস্থাই আজিও স্পৰ্শ কৰিব পৰা নাই এই অঞ্চলক। বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱাৰ ব্যৱস্থা, শিক্ষা, পথ যোগাযোগ আদিৰ একোৰেই সু ব্যৱস্থা নথকা এই দুর্দশাগ্রস্ত অঞ্চলটোত এতিয়া নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত পুনৰ প্ৰতিশ্রুতিৰ বন্যা। স্বৰাজোত্তৰ কালৰে পৰা সৰ্বদিশত উপেক্ষিত মুদৈবিল, সোৱণশিৰিৰ বান খহনীয়াত ৰাইজ সৰ্বস্বান্ত হৈ চৰকাৰ, প্ৰশাসন, নির্বাচিত জনপ্রতিনিধিক কাকুতি-মিনতি কৰি আহিছে যদিও ৰাইজে ইয়াৰ সুফল পোৱা নাই। অঞ্চলটোৰ ভুক্তভোগী ৰাইজৰ অভিযোগ- বিগত ১৯৪০ চনৰ পৰাই বৰ্তমানলৈ বাট-পথৰ উন্নয়ন নাই। অঞ্চলটোত ১৯৯৪ চনৰ পৰা সোৱণশিৰিৰ খহনীয়াই ৰাইজক বিভিন্ন সমস্যাৰ জৰ্জৰিত কৰি আহিছে।
অঞ্চলটোৰ একো একোটা পৰিয়ালে ৮/৯ বাৰকৈ তেওঁলোকৰ ঘৰ স্থানান্তৰ কৰি সৰ্বস্বান্ত হৈ আহিছে। এটা গাইড বান্ধৰ অভাৱৰ বাবেই অঞ্চলটোৰ ১৬খনকৈ গাঁও প্রতিবছৰে সোৱণশিৰিৰ তাণ্ডৱৰ মুখামুখি হৈছে যদিও বিভাগীয় কর্তৃপক্ষ, চৰকাৰী জনপ্রতিনিধি নীৰৱ-নির্বিকাৰ। বিগত ২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনৰ পূৰ্বে নির্বাচিত জনপ্রতিনিধি, সাংসদ প্রদান বৰুৱাই প্ৰতিশ্রুতি প্ৰদান কৰিছিল যদিও কোনো ফল নধৰিল। ৰাইজে সোৱণশিৰি আৰু ৰঙানদীৰ প্ৰবল খহনীয়া, বানপানীৰ কবলৰ পৰা সুৰক্ষা আৰু বিভিন্ন সমস্যা সমাধান সন্দর্ভত বিভাগীয় চৰকাৰৰ কাৰ্যকৰণাৰ্থে পানীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ খাবল ২নং মুদৈবিল, ২নং মুদৈবিল গাঁও (অসমীয়া), ৰস্তিজান (অসমীয়া), ৰস্তিজান মিচিং, ১নং মুদৈবিল গাঁও, কাঁহীদুৱাৰ গাঁও, কাঁহীদুৱাৰ চাপৰি, বৰডুবি চানং, বৰভূবি মলুৱাল, আলিচিগা পার্টনাৰালা মুদৈবিল, আলিচিগা মিচিং, মৰতপুৰ খাবলু, মৰত পূৰ কৈৱৰ্ত, ধৰ্মপুৰ মিচিং, ললিতি চেংমাৰী আঞ্চলিকৰ ১৬খন গাঁৱৰ ৰাইজক উদ্ধাৰৰ বাবে এটা গাইড বান্ধৰ দাবী জনায় আহিছে যদিও চৰকাৰী কর্তৃপক্ষই কোনো পদক্ষেপ লোৱা নাই। বিগত বছৰবোৰৰ দৰে এই বছৰো মন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাইজক প্রতিশ্রুতি দিছে।
অঞ্চলটোৰ সচেতন ব্যক্তি নিৰেশ দলে কয়- লখিমপুৰ জিলাৰ দক্ষিণাংশৰ কমলাবাৰী গড়কাপ্টানী পথৰ ১৭কিল'মিটাৰ অংশৰ পৰা ২৩ কিল'মিটাৰ পৰ্যন্ত উত্তৰ খাবলু আঞ্চলিকৰ প্ৰায় ১৬খন গাঁৱৰ কৃষক ৰাইজৰ বাসস্থান। অঞ্চলৰ পূব আৰু দক্ষিণ দিশত সোৱণশিৰি নদী আৰু পশ্চিম দিশত ৰঙানদীয়ে ঘেৰি আছে। বছৰি নদী দুখনৰ জলাশয় বাম হোৱাত যেনিয়ে-তেনিয়ে পানী সোমাই প্রবল খহনীয়াৰ সৃষ্টি কৰাত গাঁওসমূহৰ বাসস্থান, কৃষিভূমি নদীত জাহ গৈছে। যাৰ ফলত অঞ্চলজুৰি নদন-বদন শস্যভূমি নোহোৱা হৈছে আৰু বাসস্থানৰ কাৰণে বছৰি অঘৰীৰ দৰে টোপোলা বান্ধিবলগীয়া হৈছে। ৰাইজৰ মতে, নদী দুখনৰ খহনীয়া আৰু বানপানীৰ তাণ্ডৱলীলাত উত্তৰ খাবলুৰ ১৬খন গাঁৱৰ বাসস্থান আৰু কৃষক ৰাইজৰ ভূমি নাইকিয়া হৈছে। ৰাইজৰ দাবী- ন-আলি- তেলীয়াপথাৰৰ পৰা পুৰণা ভীমপৰা মথাউৰি হৈ খাবলু ঘাটলৈকে নদীৰ কাষে কাষে জিঅ টিউবসহ ক্ষমতাযুক্ত মথাউৰি নিৰ্মাণ কৰক।
কমলাবাৰী গড়কাপ্টানী পথৰ পৰা অঞ্চলৰ গাঁওসমূহলৈ যাবলৈ ছয় মাহ কাল বানপানীত ডুবি থকাৰ কাৰণে যোগাযোগ বিচ্ছিন্ন হৈ থাকে, সেয়েহে গাঁওসমূহলৈ যোৱা পথবোৰ ওখকৈ নিৰ্মাণ কৰি পকীকৰণৰ ব্যৱস্থা কৰা, কমলাবাৰী গড়কাপ্টানী পথৰ পৰা মুদৈবিল গাঁৱলৈ যোৱা পথটোৰ মাজত গেদেৰা জান থকাৰ পৰিপ্ৰেক্ষিতত বাৰিষা কালত যাতায়াতৰ ক্ষেত্ৰত সুচল নহয়, সেয়েহে গেদেৰা জানৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰাৰ দাবী দীর্ঘদিনীয়া। পথকেইটাত ভগা বাঁহৰ দলঙে প্রতি মুহূৰ্তত বিপদৰ আশংকা কঢ়িয়াই আনে। এনে পৰিস্থিতিত ৰাইজৰ জনপ্রতিনিধিলৈ প্রশ্ন- কেৱল প্রতিশ্রুতিৰেই ৰাইজক আৰু কিমান দিন আভুৱা-ভাঁৰিব?