ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) সংস্কাৰৰ লাভ পুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে ভোগ কৰিব পাৰিব। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এইদৰে কয়। উল্লেখযোগ্য যে দেশত ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টিৰ নতুন হাৰ কাৰ্যকৰী কৰা হ'ব। ইয়াৰ ফলত বিভিন্ন সামগ্ৰীৰ দাম হ্রাস পাব। এই সম্পৰ্কত সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়। ইয়াত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিত্ত মন্ত্রীয়ে কয় যে পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা বিভিন্ন সামগ্রীত জনসাধাৰণে চৰকাৰৰ এই পদক্ষেপৰ লাভ ভোগ কৰিব পাৰিব। বিত্ত মন্ত্ৰীয়ে ইয়াৰ লগতে জি এছ টিৰ হাৰৰ সালসলনিৰ ফলত হ'বলগীয়া লাভৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়।
চেন্নাই চিটিজেন ফৰামে আয়োজন কৰা অনুষ্ঠানটোত ভাষণ দি বিত্ত মন্ত্রীয়ে কয় যে জি এছ টিৰ সংস্কাৰৰ লাভৰ ধাৰা আৰম্ভ হ'ব পুৱা সাৰ পোৱাৰ পাছত চকু মেলাৰ সময়ৰ পৰা আৰু নিশা শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা সকলো সামগ্রীতে ইয়াৰ লাভ পোৱা যাব। তেওঁ জি এছ টিৰ কিছুমান মূল সালসলনিৰ বিষয়ে উল্লেখ কৰি কয় যে জি এছ টিৰ সংস্কাৰৰ পৰিৱৰ্তনৰ ফলত আগতে ১২% কৰ আৰোপ হৈ থকা ৯৯% সামগ্ৰীৰ কৰ হ্ৰাস কৰি ৫% কৰা হৈছে। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ দাম হ্রাস পাব।
সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰৰ বিষয়ে ঘোষণা কৰাৰ আগতে বিগত কেইমাহমানত এই কথা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছিল যে কৰৰ হাৰ স্পষ্ট আৰু সৰল হ'ব লাগে, যাতে সাধাৰণ নাগৰিক আৰু ব্যৱসায়ীসকলৰ মাজত কোনো ধৰণৰ বিভ্রান্তিৰ সৃষ্টি নহয়। জি এছ টিৰ সংস্কাৰ দেশৰ জনসাধাৰণৰ বাবে এক জয় বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতত প্ৰতিখন ৰাজ্যতে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ আগে আগে জি এছ টিৰ কৰ গাঁথনি সংশোধন কৰাৰ সিদ্ধান্ত লয়।